![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলঙৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত সোমবাৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় ৷ ইয়াৰ পিছতে বিয়লি ডিফুত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এক সংবাদমেল সম্বোধন কৰি কয় যে, আজি অঞ্চলটোৰ ৯০ শতাংশ উচ্ছেদ কৰা হয় ৷ যি ১০শতাংশ বাকী ৰৈ গৈছে সেয়া চলিত মাহতে সম্পূৰ্ণ কৰা হ’ব ৷ আজি উচ্ছেদ অভিযানৰ পূৰ্বে ৪১টা ঘৰে সেই স্থান ত্যাগ কৰাৰ বিপৰীতে ২১০টা ঘৰ আজি উচ্ছেদ কৰা হয় ৷ মুঠ ৩৬৫০জন লোকৰ পৰা দখল কৰা ভূমি উদ্ধাকৃৰ কৰা হয় ৷
মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে, কাৰবি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত উক্ত অঞ্চলত বিদ্যালয়, উচ্চ শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন উন্নয়ণমূলক আঁচনি গ্ৰহণ কৰা হ’ব ৷ পৰিষদৰ অধীনত আৰু দখল হৈ থকা সকলো ভূমি উচ্ছেদ কৰা হ’ব আৰু পৰিষদে ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে এই সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰিছে বুলি মন্তব্য কৰে ৷












