![]()
নিউজ ডেস্কঃ
২,৩০০ বছৰৰো পুৰণি মন্দিৰ আৰু মূল্যৱান প্রত্নতত্ত্ব সামগ্ৰী আৱিষ্কাৰক কেন্দ্ৰ কৰি পাকিস্তানত সৃষ্টি হৈছে চৰ্চা।
খননকাৰ্য চলাবলৈ গৈ পাকিস্তানী আৰু ইটালীয় প্রত্নতাত্ত্বিকসকলৰ এটি যৌথ খনন দলে উত্তৰ–পশ্চিম পাকিস্তানৰ খাইবাৰ–পাখতুনখোৱা প্রদেশৰ ছোৱাট জিলাৰ বাৰিকোটৰ বাজিৰা চহৰত বৌদ্ধ মন্দিৰৰ সন্ধান লাভ কৰিছে।
বাজিৰা চহৰৰ উক্ত নিদর্শনবোৰে প্রমাণ কৰিছে যে ছোৱাট এলেকাটো প্ৰায় ছয়ৰ পৰা সাতটা ধর্মৰ পবিত্র স্থান আছিল। বৌদ্ধ যুগৰ স্থাপত্যটি পাকিস্তানৰ তক্ষশীলাত আৱিষ্কৃত পুৰাকীর্তিতকৈও প্রাচীন বুলি অনুমান কৰা হৈছে। সম্প্ৰতি এইটোৱেই পাকিস্তানত আৱিষ্কৃত বৌদ্ধ যুগৰ সবাতোকৈ পুৰণি স্থাপত্য। মন্দিৰৰ উপৰি প্রত্নতাত্ত্বিকসকলে বৌদ্ধ যুগৰ ২,৭০০টাৰো অধিক নিদর্শন উদ্ধাৰ কৰিছে। যাৰ ভিতৰত আছে মুদ্রা, আঙঠি, পাত্র আৰু গ্রীক ৰজা মেনান্দৰ বা মিলিন্দৰ যুগৰ লিপি।
পাকিস্তানত ইটালীয় প্রত্নতাত্ত্বিক অভিযানৰ প্রধান ডঃ লুকা মাৰিয়া অলিভেৰিয়ে জনোৱা মতে, ‘বৌদ্ধ যুগৰ স্থাপত্যৰ আৱিষ্কাৰে প্রমাণ কৰিছে যে ছোৱাটত তক্ষশীলাতকৈও প্রাচীনতম প্রত্নতাত্ত্বিক ধ্বংসাৱশেষ আছে।’ ভবিষ্যতে তাত আৰু বেছি প্রত্নতাত্ত্বিক আৱিষ্কাৰ কৰিব পৰা যাব বুলিও তেওঁ আশা প্রকাশ কৰিছে। ইটালিৰ শীর্ষস্থানীয় বিশ্ববিদ্যালয় আৰু খাইবাৰ পাখতুনখোৱা প্রত্নতত্ত্ব বিভাগৰ পিএইচডি শিক্ষার্থীসকল এই স্থানবোৰৰ খননকাৰ্যত নিযুক্ত আছে।













