![]()
মনোৰঞ্জনঃ
অভিনেতা কাৰ্তিক আৰিয়নে তেওঁৰ আহিবলগীয়া ছবিসমূহৰ দৃশ্যগ্ৰহণ দ্ৰুত গতিত সমাপ্ত কৰাৰ বাবে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰিছে। কাৰ্তিকে নিৰন্তৰভাৱে ইখনৰ পিছত সিখনকৈ ছবিৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰে আৰু নতুন প্ৰকল্পৰ দিশে আগবাঢ়িছে। আনহাতে, অভিনেতা গৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি “শ্বহজাদা” ৰ বাবে দিল্লীৰ লোকেশ্বনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে।
কাৰ্তিক আৰিয়নে ইনষ্টাগ্ৰামৰ জৰিয়তে এই কথা জনাইছে অনুৰাগীক। তেওঁ এখন ফটো শ্বেয়াৰ কৰে য’ত অভিনেতা গৰাকীয়ে দিল্লীৰ লোকসকলক বিদায় জনাইছে। ফটোখনত অভিনেতাজনক এখন বিমানত বহি ছেলফি লোৱা দেখা গৈছে।
উল্লেখ্য যে, অভিনেতা কাৰ্তিক আৰিয়নে বিগত নৱেম্বৰ মাহৰ শেষৰ ফালে দিল্লী চিড্যুলৰ আৰম্ভণি কৰিছিল। ছবিখনৰ দৃশ্যগ্ৰহণৰ প্ৰথম অনুসূচী মুম্বাইত কৰা হৈছিল। “শ্বহজাদা” শীৰ্ষক এই ছবিখনৰ দৃশ্যগ্ৰহণ অক্টোবৰত আৰম্ভ কৰা হৈছিল।













