![]()
মনোৰঞ্জনঃ
বলীউড তাৰকা সঞ্জয় দত্তৰ কেইখনমান জনপ্ৰিয় ছবিৰ ভিতৰত এখন হৈছে ‘মুন্না ভাই এমবিবিএছ’, যিখন অহা বহু বছৰলৈ নিশ্চিতভাৱে স্মৰণীয় হৈ থাকিব। “মুন্না ভাই চিৰিজ’ ৰ দ্বিতীয়টো সংস্কৰণ ‘লগে ৰহো মুন্নাভাই’ নামে চিকুৱেলটোও চুপাৰ হিট হৈছিল। ইতিমধ্যে মুন্নাভাই চিৰিজটোৰ প্ৰথমখন ছবি মুক্তি পোৱাৰ ১৯ বছৰ সম্পূৰ্ণ হৈছে। শেহতীয়াকৈ অভিনেতা সঞ্জয় দত্ত নাগপুৰস্থিত ঈশ্বৰ দেশমুখ মহাবিদ্যালয়ত অনুষ্ঠিত ”খাচদাৰ সাংস্কৃতিক মহোৎসৱ’ ত উপস্থিত হয়। আৰু এই অনুষ্ঠানটোত বক্তব্য ৰাখি সঞ্জয় দত্তই “মুন্নাভাই” চিৰিজৰ তৃতীয় অংশটো নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।
ছবিখনৰ ১৯ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সংবাদ মাধ্যমৰ ওচৰত এক আৱেগিক আবেদন জনাই সঞ্জয় দত্তই কয় যে, তেওঁ পৰিচালক ৰাজকুমাৰ হিৰাণীয়ে ‘মুন্না ভাই ৩’ নিৰ্মাণ কৰাটো বিচাৰে। তেওঁ আগলৈ কয় যে, ‘মই ৰাজকুমাৰ হিৰাণীক বহুবাৰ অনুৰোধ কৰি ভাগৰি পৰিছোঁ। তেওঁ নাগপুৰৰে এগৰাকী বাসিন্দা। মই নাগপুৰৰ লোকসকলক আৰু সংবাদ মাধ্যমক ৰাজকুমাৰ হিৰাণীক ‘মুন্না ভাই ৩’ নিৰ্মাণ কৰিবলৈ ক’বলৈ অনুৰোধ জনাইছোঁ।”
উল্লেখ্য যে, “মুন্না ভাই” চিৰিজৰ মুক্তিপ্ৰাপ্ত দুয়োখন ছবিয়ে কেইবাটাও পুৰস্কাৰৰ লগতে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।













