![]()
স্টাফ ৰিপৰ্টাৰ
ডিফুঃ
যোৱা নিশা বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৯ নং ৰাষ্ট্ৰীয়ঘাই পথৰ বৰনেউৰীয়াত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত তথ্য অনুসৰি ডিমাপুৰৰ পৰা মুককচাং অভিমুখী নৈশ বাছ আৰু দুখনকৈ মালবাহী ট্ৰাকৰ মাজত সংঘৰ্ষ হয় ৷


৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা NL 07 A3635 নম্বৰৰ এখন মালবাহী ট্ৰাকৰ পিছত
NL 06 A 2728 নম্বৰৰ মালবাহী ট্ৰাকে পিছফালে খুন্দা মাৰে আৰু সেই মালবাহী ট্ৰাক খনৰ পিছত এখন ডিমাপুৰৰ পৰা মোককচাং অভিমুখে যোৱা NL 02 B 2979 নম্বৰৰ এখন ব্লো হিলছ নৈশ বাছে খুন্দা মৰাত এই দুৰ্ঘটনাটো সংঘটিত হয় ।
উক্ত দুৰ্ঘটনাত নৈশ বাছখনৰ চালককে ধৰি ১০ জন যাত্ৰীক আহত অৱস্থাত বোকাজান অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ তাৰে ৪ জনৰ অৱ্স্থা সংকটজনক বুলি জানিব পৰা গৈছে । ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈছে জানিব পৰা গৈছে ৷













