![]()
নিউজ ডেস্কঃ
যোৱা ফেব্রুৱাৰী মাহত ম্যানমাৰত সেনা অভ্যুত্থানৰ পিছৰ পৰা জুন্টাৰ বাহিনীয়ে হাজাৰোধিক গণতন্ত্রকামী আন্দোলনকাৰীক নির্বিচাৰে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰি আহিছে বিভিন্ন আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনে। জুন্টা চৰকাৰে পিছে বেছিভাগ সময়তে বিষয়টো এৰাই গ’লেও কেতিয়াবা কেতিয়া স্বীকাৰো কৰিছে নিৰাপত্তা বাহিনীৰ গুলীত কিছু প্রতিবাদীৰ মৃত্যু হোৱা বুলি৷ পিছে উক্ত সংখ্যা কেতিয়াও শৰ বেছি নহয়। এইবাৰ আগশাৰীৰ এক ব্রিটিছ সংবাদ মাধ্যমে দাবী কৰিছে যে বিগত জুলাই মাহৰ ভিতৰত ম্যানমাৰৰ ছাগাইং প্রদেশৰ কানি চহৰ সংলগ্ন প্ৰায় চাৰিখন গাঁৱত গণহত্যা চলাইছিল সেনাই। যাৰ ফলত কেৱল উক্ত চাৰিটা এলেকাতেই মৃত্যু হৈছিল ৪০ জনৰ। নিহতসকলৰ ভিতৰত আছিল ১৭ বছৰীয়া কিশোৰো।
এজনৰ পিছত আনজন আন্দোলনকাৰীক হত্যা কৰি অগভীৰ গাঁতত মৃতদেহ কবৰ দিয়া বুলি দাবী সংবাদ মাধ্যমটোৰ। কানি আৰু তাৰ আশপাশৰ এলেকাৰ কিছু প্রত্যক্ষদর্শীৰ ভাষ্য আৰু মোবাইলত তোলা ভিডিও ফুটেজ তেওঁলোকৰ হাতত থকা বুলিও তেওঁলোকে দাবী কৰিছে। তেওঁলোকৰ ৰিপোর্টত দাবী কৰা হৈছে যে সেই সময়ত ম্যানমাৰৰ সাধাৰণ মানুহেই সৰু সৰু সশস্ত্র বাহিনী গঢ়ি জুন্টাৰ বিৰুদ্ধে যুঁজিছিল। দাবী জনাইছিল, দেশৰ নির্বাচিত চৰকাৰক উভতাই অনাৰ। বাছি বাছি উক্ত দলবোৰৰ সদস্যকেই তেতিয়া লক্ষ্য কৰি লৈছিল সেনাই।
ৰিপোর্টটোত আৰু দাবী কৰা হৈছে যে ইয়েন নামৰ এখন গাঁৱত একেলগে সৰ্বাধিক লোকক হত্যা কৰা হয়। তাত ১৪টা কবৰৰ সন্ধান পোৱা গৈছে। আৰু এখন গাঁও জি বিন দুইনতো লাভ কৰা হৈছে ১২টা ক্ষত-বিক্ষত মৃতদেহ। শিশু, প্রতিবন্ধীৰ মৃতদেহো লাভ কৰা হৈছে।













