![]()
নিউজ ডেস্কঃ
উৎসৱৰ বতৰ আৰম্ভ হৈছে। লগতে ধুমুহাৰ গতিত সংক্ৰমণ অব্যাহত কৰোনাৰ নতুন প্ৰজাতি ওমিক্রনৰ। তেনে পৰিপ্রেক্ষিতত জনগাধাৰণক উৎসৱৰ বতৰত সমাবেশ এৰাই চলাৰ পৰামর্শ দিছে হুই। হুৰ সঞ্চালক প্ৰধান টেড্রোছ এডানম গেব্রিয়েছাছে কয়, ‘‘জীৱনটোকেই হেৰুওৱাতকৈ সকলো সময়তে সমাবেশ বাতিল কৰাই ভাল।’’
উল্লেখ্য, এই মুহূর্তত আমেৰিকাই ওমিক্রনক দেশখনত কৰোনাৰ ‘কর্তৃত্বপূর্ণ ভাইৰাছৰ ৰূপ’ হিচাবে অভিহিত কৰিছে। ঠিক তাৰ পিছতেই হু-প্রধানৰ এই মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ। অৱশ্যে হোৱাইট হাউছ সূত্র মতে, ৰাষ্ট্ৰপতি বাইডেনে এতিয়াই আমেৰিকাত লকডাউনৰ কথা ভবা নাই। কিন্তু দেশখনৰ শীর্ষ সংক্রামক ৰোগ বিশেষজ্ঞ চিকিৎসক এন্টনি ফাউচিয়ে পূৰ্বতেই বৰদিনৰ সমাবেশক লৈ আশঙ্কা প্রকাশ কৰিছিল।
আমেৰিকাৰ চিডিচি আৰু ষ্টেট ডিপার্টমেন্টে আমেৰিকাৰ বাসিন্দাসকলক ৮টা এলেকালৈ যোৱাত বাৰণ কৰিছে। চতুর্থ স্তৰ অর্থাৎ অতি বেছি বিপদাশংকাপূর্ণ তালিকাত আছে স্পেইন, ফিনলেণ্ড, চাড, লেবানন, বোনাইৰে, মোনাকো, ছান মাৰিনো আৰু জিব্রাল্টাৰ।













