![]()
নিউজ ডেস্কঃ
নিৰাপত্তাৰ যাৱতীয় ব্যৱস্থা লোৱা সত্ত্বেও বিশ্বৰ বৃহত্তম ক্ৰুইজ অৰ্থাৎ প্রমোদতৰীৰ ৪৮ জন যাত্রী কোভিড সংক্রমিত হ’ল। অৱশ্যে তেওঁলোকৰ ভিতৰত কোনোবা ওমিক্রনত সংক্রমিত হৈছে নেকি সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
৬ হাজাৰ যাত্রীক লৈ বিশ্বৰ বৃহত্তম প্রমোদতৰী ‘দ্য ৰয়েল কেৰিবিয়ান ছিম্ফনিজ অব দ্য ছীজ’ দেওবাৰে মিয়ামি বন্দৰত উপস্থিত হৈছিল। জাহাজখনৰ কোম্পানী ৰয়েল কেৰিবিয়ানে এটি বিবৃতিত জনাইছে, যাৱতীয় কোভিড বিধি মানি জাহাজত যাত্রীসকলক উঠালেও পিছত এজন যাত্রী কোভিড পৰীক্ষাত পজিটিভ ওলায়। তেওঁৰ পৰাই অন্যসকল সংক্রমিত হৈছে।
ৰয়েল কেৰিবিয়ানে জনোৱা মতে, জাহাজখনৰ ছয় হাজাৰ যাত্রীৰ ৯৫ শতাংশৰেই কোভিড টীকাৰ দুটা পালি লোৱা হৈছিল। যি ৪৮ জন যাত্রী কোভিড পৰীক্ষাত পজিটিভ হৈছে, তেওঁলোকৰো ৯৮ শতাংশই লৈছিল কোভিড টীকাৰ দুটা পালি। জাহাজখনৰ মুঠ যাত্রীৰ ০.৭৮ শতাংশ কোভিডত সংক্রমিত হৈছে। আক্রান্তসকলৰ সকলোৱেই উপসর্গহীন বা মৃদু সংক্রমণৰ চিকাৰ হৈছে।
সংক্রমণৰ বাবে মিয়ামি বন্দৰত লংগৰ পেলোৱাৰ পিছত জাহাজখনৰ সকলো যাত্রীকেই কোৱাৰেণ্টাইনলৈ পঠোৱা হৈছে। নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে।













