![]()
নিউজ ডেস্কঃ
দোষ শিশুকন্যা জন্ম হোৱাটো৷ সেয়ে পেলাই থৈ গৈছিল নিজ মাতৃয়ে। কিন্তু আন এক মাতৃয়ে পৰম স্নেহত শিশুটিক ওৰে নিশা পহৰা দিলে। তাকো এটি মাতৃ কুকুৰে৷ ছত্তীশগড়ৰ মুঙ্গেলী জিলাৰ ছৰিচতাল গাঁৱৰ ঘটনা এইটো।
পুৱা পথাৰৰ কাষৰ জোপোহাৰ তলত কোনো শিশুৰ কান্দোনৰ শব্দ শুনিবলৈ পাইছিল কেইজনমান গাঁওবাসীয়ে। উক্ত শব্দ অনুসৰণ কৰি গৈ জোপোহাৰ কাষ পাওঁতেই আচৰিত হৈ পৰে তেওঁলোক। সম্পূর্ণ নগ্ন অৱস্থাত শুই আছিল শিশুটি। তেত্য়াও সদ্যোজাতৰ শৰীৰৰ পৰা নাড়ী কটা হোৱাই নাই। তাতোকৈ বিস্মিত হোৱাৰ কথা হ’ল কাষত মাতৃ হিচাবে প্রহৰী হৈ বহি আছে এটি কুকুৰ।
প্রত্যক্ষদর্শীসকলৰ মতে, উক্ত জোপোহাটোৰ তলতে এটি কুকুৰে সন্তান প্ৰসৱ কৰিছিল। সেই কুকুৰৰ পোৱালিকেইটাৰ কাষতেই শুই আছিল শিশুটি। আৰ তাৰ কাষতেই অতন্দ্র প্রহৰীৰ দৰে বহি আছিল আন এক মাতৃ অৰ্থাৎ কুকুৰজনী। নিজৰ সন্তানক আৱৰি ৰখাৰ দৰেই মানৱ শিশুটিক যেন আৱৰি ৰাখিছিল কুকুৰজনীয়ে। আশ্চর্যৰ কথা, শিশুটিৰ শৰীৰত এটি আঁচোৰ পর্যন্ত লাগিব দিয়া নাই।
পিছত স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে। স্বাস্থ্য বিভাগৰ সহযোগত আৰক্ষীয়ে শিশুটি উদ্ধাৰ কৰি লৈ যায়।













