![]()
ষ্টাফ ৰিপ’ৰ্টাৰঃ
নগাঁওঃ
নগাঁও আৰক্ষীয়ে অভিযান চলাই শিমলুগুৰি নতুন মাৰ্কেটৰ ওচৰত দুই অবৈধ অস্ত্ৰ ব্যৱসায়ী ক্ৰমে ইক্ৰামূল হুচেইন আৰু মিনাজ উদ্দিন আহমেদক আটক কৰে। আৰক্ষীয়ে ধৃত অস্ত্ৰ সৰবৰাহকাৰী দুজনৰ পৰা এটা ফেক্টৰীত নিৰ্মিত পইন্ট ২২পিষ্টল ,এটা মেগাজিন আৰু তিনি জাঁই পইন্ট ২২পিষ্টলৰ সক্ৰিয় গুলীৰ লগতে তেওঁ লোকে চলাই অহা এ এছ ১২ ডব্লিউ ২৩৩৬নম্বৰৰ কে টি এম মটৰ চাইকেল এখন জব্দ কৰে।
নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে জনোৱা মতে, এক গোপন সূত্ৰই তেওঁলোকক জনাইছিল যে দুই যুৱকে এখন মটৰ চাইকেলৰ এটা পিষ্টল ধিং দিশে লৈ গৈ আছে। পৰৱৰ্তী সময়ত, আৰক্ষীয়ে দুই যুৱকক নগাঁও-ধিং পথেৰে পিছে পিছে খেদি চলচলিৰ সমীপৰ শিমুলগুৰি নতুন মাৰ্কেটত আটক কৰে।
আৰক্ষীয়ে যুৱক দুজনে ব্যৱহাৰ কৰা কে টি এম মটৰ চাইকেল খনত তালাচী চলোৱাত মটৰ চাইকেল খনৰ একাষে পলিথিনেৰে মেৰিয়াই লুকুৱাই অনা অৱস্থাত কাৰখানাত নিৰ্মিত পইন্ট ২২ পিষ্টল আৰু সঁজীৱ গুলী উদ্ধাৰ হয়। ধৃত অস্ত্ৰ সৰবৰাহকাৰী যুৱকদ্বয়ে আৰক্ষীৰ জেৰাত প্ৰকাশ কৰা অনুসৰি এই পিষ্টলটো তেওঁ লোকে এজন লোকক দিবৰ কাৰণে লৈ গৈ আছিল। আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে ধৃত অস্ত্ৰ ব্যৱসাৰী দুজনক জেৰা অব্যাহত ৰাখিছে।













