![]()
নিউজ ডেস্কঃ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘দৰ্শন শাস্ত্ৰ’ বিভাগৰ তৃতীয় ষান্মাষিকৰ তথা আইদেউ সন্দিকৈ পুৰণি ছাত্ৰী নিবাসৰ ছাত্ৰী লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ৰঞ্জিতা চেত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই সমগ্ৰ অঞ্চলত কৌতুহলৰ সৃষ্টি কৰিছে।
পুৱা ৯ বজাত পাঠদানৰ বাবে ওলাই আহি দুপৰীয়া নিজ কোঠালৈ গৈ বহু সময় দুৱাৰ বন্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত, হোষ্টেল কৰ্তৃপক্ষক হোষ্টেলৰ অইন ছাত্ৰীয়ে খবৰ দিয়াত ভেণ্টিলেচনৰ ওপৰেৰে ছাত্ৰী গৰাকীক চিলিং ফোনত ওলমি থকা প্ৰত্যক্ষ কৰে সকলোৱে।
জানিব পৰা মতে ছাত্ৰী গৰাকীৰ অসুস্থ হৈ থকাৰ লগতে কিছু দিনৰ পূৰ্বে এপেণ্ডিক্সৰ অস্ত্ৰোপচাৰ কৰিছিল।যোৱা দেওবাৰে বিহপুৰীয়াৰ নিজ ঘৰৰ পৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰীবাসলৈ আহি বিশ্ববিদ্যালয় সপ্তাহৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।কিন্তু কিয় আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়ালৈ বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।আনহাতে আৰ্থিক ভাৱে পিছপৰা এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যুত, সহজ ভাবে মানি লব পৰা নাই ছাত্র-ছাত্ৰী সকলে।
ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী আৰু দণ্ডাধীশ বিশ্ববিদ্যালয়ৰ উত্ত স্থানত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ মৃতদেহ বাহিৰ উলিয়াবলৈ বাধা দিয়াৰ ফলত সন্ধিয়া সময়তহে ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে, ছাত্ৰীগৰাকীৰ পিতৃ বাংগালোৰত কৰ্মৰত আৰু মাতৃ গৃহিণী হোৱাৰ বিপৰীতে ভাতৃয়ে হাইস্কুলত পঢ়ি আছে।
ছাত্ৰী গৰাকীয়ে আত্মহত্যাৰ সময়ত এখন চুচাইড নোটত পিতৃ-মাতৃক বেয়া নাপাবলৈ কয়।
আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ভিতৰতে আত্মহত্যা কৰা এইটো তৃতীয়টো ঘটনা।ইয়াৰ পূৰ্বে এগৰাকী ছাত্ৰী আৰু এগৰাকী ছাত্ৰ আত্মহত্যা কৰিছিল।কিন্তু কিয় বাৰে বাৰে উচ্চ শিক্ষা গ্ৰহণৰ বাবে আহি মেধাৱী ছাত্র-ছাত্ৰীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিব লগা হৈছে সেইয়া অতি চিন্তনীয় আৰু উদ্বেগৰ বিষয় হৈ পৰিছে।নিশা কিছু পলমকৈ ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হোৱাত,অতি শোকাকুল পৰিৱেশত, দণ্ডাধীশৰ উপস্থিতিত ছাত্ৰী গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।













