![]()
নিউজ ডেস্কঃ
ভাৰতবিৰোধী ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইট বন্ধ কৰিলে চৰকাৰে। উদ্দেশ্যপ্রণোদিতভাবে ভাৰতবিৰোধী ভুৱা খবৰ বিয়পোৱাৰ অভিযোগ উক্ত ইউটিউব চেনেল আৰু ৱেবছাইটকেইটাৰ বিৰুদ্ধে। কেন্দ্রীয় চৰকাৰৰ তথ্য আৰু সম্প্রচাৰ মন্ত্রালয়ৰ সূত্র মতে, উক্ত ৱেবছাইট আৰু ইউটিউব চেনেলবোৰত সম্প্রচাৰিত তথ্য দেশৰ নিৰাপত্তাৰ পক্ষে বিপজ্জনক আৰু তথ্যগতভাবে ভুলেৰে ভৰা।
ভাৰতবিৰোধী কার্যকলাপক প্রশ্রয় দিয়া আৰু উদ্দেশ্যপ্রণোদিতভাবে ভাৰতবিৰোধী আৰু ভুৱা খবৰ সম্প্রচাৰ কৰাৰ কাৰণে উক্ত ৱেবছাইট আৰু ইউটিউব চেনেলকেইটাৰ সম্প্রচাৰ বন্ধ কৰা হৈছে। সূত্রৰ খবৰ মতে, উক্ত ইউটিউব চেনেল আৰু ৱেবছাইটকেইটাৰ পৰা ভাৰতীয় সেনা, ৰাম মন্দিৰ, সংখ্যালঘু সম্প্রদায় আৰু সদ্য প্রয়াত চিডিএছ বিপিন ৰাৱাট সন্দৰ্ভত এটাৰ পিছত আন এটা ভুল তথ্য সংবাদ আকাৰে পৰিবেশিত হৈছিল।
মন্ত্রালয়ৰ সূত্র মতে, পাকিস্তানস্থিত নতুন পাকিস্তান গ্রুপ (এনপিজি)ৰ অন্তর্গত ৩৫ লাখৰ ওপৰত ভিউৱাৰ থকা একাধিক ইউটিউট চেনেলে ধাৰাবাহিকভাবে ভাৰতবিৰোধী ভুৱা খবৰৰ প্রচাৰ চলাই গৈছে। মন্ত্রালয়ৰ সূত্রত ইয়াকো দাবী কৰা হৈছে যে নতুন পাকিস্তান গ্রুপৰ একাধিক ইউটিউব চেনেল নিয়ন্ত্রণ কৰে পাকিস্তানৰ নিউজ চেনেলৰ কেইবাজনো উপস্থাপকে।
চৰকাৰী সূত্র মতে, উক্ত ইউটিউব চেনেলকেইটাৰ পৰা উদ্দেশ্যপ্রণোদিতভাবে কৃষক আন্দোলন আৰু ‘কা’ বিৰোধী আন্দোলনৰ ছবি প্রচাৰ কৰি ভাৰতৰ সংখ্যালঘু সম্প্রদায়ৰ মাজত কেন্দ্রীয় চৰকাৰৰ ভাবমূর্তি বিনষ্ট কৰাৰ চেষ্টা চলিছিল। আসন্ন পাঁচ ৰাজ্যৰ নিৰ্বাচনতো একেই উদ্দেশ্য আছিল চেনেল আৰু ৱেবছাইটকেইটাৰ। কিন্তু তাৰ পূৰ্বেই সেইকেইটাৰ সম্প্রচাৰ বন্ধ কৰি দিয়ে কেন্দ্রই।
কেন্দ্রীয় চৰকাৰে বন্ধ কৰা ২০টা ইউটিউব চেনেল আৰু দুটা ৱেবছাইটৰ ভিতৰত আছে, পাঞ্চ লাইন, ইন্টাৰনেচনেল ৱেব নিউজ, খালসা টিভি, নেকেড ট্রুথ, ৪৮ নিউজ, ফিকচনেল হিষ্টৰিকেল ফেক্টছ, পঞ্জাব ভাইৰেল, নতুন পাকিস্তান গ্লোবেল, ক’ভাৰ ষ্টৰী, গ’ গ্লোবেল, ই-কমাৰ্চ, জুনেইদ হালিম অফিচিয়েল, তৈয়াব হানিফ, জৈন আলি অফিচিয়েল, মহচিল ৰাজপুত অফিচিয়েল, কানিজ ফতিমা, সদাফ ডুৰানি, মিঞা ইমৰান আহমেদ, নাজাম উল হাচান, বাজৱা আৰু নিউজ ২৪৷













