![]()
নিউজ ডেস্কঃ
প্রথমবাৰৰ বাবে কোনো মহিলাক মহাকাশলৈ পঠাব ওলাইছে ৰাছিয়াই। প্রথম ৰুছ মহিলা নভশ্চৰ মহাকাশলৈ যাব আমেৰিকাৰ ধনকুবেৰ এলন মাস্কৰ কোম্পানী ‘স্পেচ এক্স’ৰ দ্বাৰা নিৰ্মিত শক্তিশালী ৰকেটত উঠি।
স্পেচ এক্সৰ তৰফৰ পৰা মঙ্গলবাৰে জনোৱা হৈছে যে অহা বছৰৰ মাজভাগত প্রথম ৰুছ মহিলা নভশ্চৰ আনা কিকিনা যাব মহাকাশলৈ। তাৰ বাবে ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ‘ৰছকছমছ’ৰ সৈতে চুক্তি প্রক্রিয়া প্রায় চূড়ান্ত পর্যায়ত।
ৰুছ মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা জনোৱা হৈছে যে স্পেচ এক্সৰ ৰকেটত উঠি মহাকাশলৈ যোৱাৰ বাবে তেওঁলোকৰ প্রথম মহিলা মহাকাশচাৰী আনা কিকিনাই ইতিমধ্যে প্রশিক্ষণ ল’বলৈ আৰম্ভ কৰিছে আমেৰিকাত।













