![]()
নিউজ ডেস্কঃ
এইডছ সংক্রমণ ৰুধিবলৈ এতিয়াৰে পৰা আৰু খাব নালাগে নিয়মিত ঔষধ। ইয়াৰ বাবে বজাৰলৈ আহিছে ইঞ্জেকচন৷ এমাহৰ ব্যৱধানত দুটা আৰু তাৰ পিছত দুমাহৰ ব্যৱধানত আন দুটা বেজী ল’লেই ৰুধিব পৰা যাব এইচআইভিৰ সংক্রমণ। এইডছৰ এই নতুন ঔষধত সোমবাৰে অনুমোদন দিছে আমেৰিকাৰ ‘ফুড এণ্ড ড্রাগ এডমিনিষ্ট্ৰেচন’-এ।
উল্লেখ্য, বৰ্তমান এইডছ সংক্ৰমণ ৰোধাৰ বাবে সৰ্বাধিক ব্যৱহাৰ হৈ আছে ‘ট্রুভাডা’ আৰু ‘ডেছকোভি’ নামৰ দুবিধ ঔষধ। এই ঔষধ ৰোগী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে দৈনিক খাব লাগে।
কিন্তু এফডিএৰ অনুমোদনপ্ৰাপ্ত নতুন ইঞ্জেকচনে এই অসুবিধা দূৰ কৰিব। ইঞ্জেকচনৰ মাধ্যমেৰে দিয়া ‘আৰপেটুড’ নামৰ ঔষধটি চাৰিবাৰ ব্যৱহাৰ কৰিয়েই এইডছৰ সংক্রমণ ৰোধ কৰিব পৰা যাব। মানৱ শৰীৰ তকৰা পৰীক্ষাত এই ইঞ্জেকচনৰ কাৰ্যকাৰিতা ৯৯ শতাংশ বুলিও জনোৱা হৈছে।













