![]()
নিউজ ডেস্কঃ
কাজিৰঙাত ওলাইছে এক বিৰল প্ৰজাতিৰ হৰিণ৷ হৰিণটোৰ গাৰ ৰং বগা। কাজিৰঙাত নিশ্চিন্ত মনে আন হৰিণ এটাৰ লগত চৰি ফুৰা দেখা গৈছে বগা হৰিণটোক। হৰিণটোৰ বৈজ্ঞানিক নাম আলবিনো হগ ডিয়াৰ।
আলবিনো প্রজাতিৰ পশুসকলৰ গাৰ ৰং বগা হয়। আলবিনো প্রজাতিৰ প্রাণীবোৰৰ গাত মেলানিন কম থাকে বাবে শৰীৰৰ ৰং বগা হয়।
কোনোবাটোৰ শৰীৰৰ ৰং সম্পূৰ্ণ বগা হোৱাৰ লগতে কোনোবাটোৰ নেজ, ঠেং বা মুখ বগা ৰঙৰ হয়। কিন্তু ইহঁতৰ চকুৰ ৰং স্বাভাৱিক হৰিণৰ দৰে হয়। কাজিৰঙাত সন্ধান লাভ কৰা হৰিণটো সম্পূৰ্ণ বগা আৰু চকুৰ ৰং অন্য সাধাৰণ হৰিণৰ দৰেই।
কাজিৰঙাৰ হাবিত এই আলবিনো হগ ডিয়াৰ ঘূৰি ফুৰাৰ এটি ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। যোৱা ১৬ ডিচেম্বৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অফিচিয়েল টুইটাৰ পেজত উক্ত ভিডিঅ’টি শ্বেয়াৰ কৰা হয়।













