![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : পশ্চিম কাৰবি আংলঙৰ সদৰ চহৰ হামৰেণত ধনদাবীৰ অভিযোগত দুই যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি কোনো সংগঠনৰ নাম নোলোৱাকৈ দুয়োগৰাকী হামৰেণৰ পিডব্লিউডি কলনিৰ কেইবাজনে লোকক ধন দাবী কৰিছিল ৷ যোৱা নিশা দাবী কৰা ধন নিবলৈ অহাৰ সময়তে আৰক্ষীয়ে ধনদাবী কৰা যুৱক দুজন আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত যুৱক দুজন ক্ৰমে, হামৰেণৰ লামটুপথুপী গাঁৱত নিৱাসী খন তিমুঙ (৩২) আৰু আমবিনং নিৱাসী জন তিচ’ (২৪)বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে লগতে ধনদাবী কাৰ্যত ব্যৱহাৰ হোৱা এখন মটৰ চাইকেলো জব্দ কৰিবলৈ সক্ষম হৈছে ৷ ভুক্তভোগীসকলৰ অভিযোগৰ ভিত্তিত হামৰেণ থানাত এই সন্দৰ্ভত ৩৫/২০২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰা হৈছে ৷













