![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : এটা পথ দুৰ্ঘটনাক কেন্দ্ৰকৰি আজি কাৰবি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত চামগুৰিত এক লংকা কাণ্ডৰ সুত্ৰপাত হয় ৷ উত্তেজিত স্থানীয় লোকসকলে উগ্ৰমূৰ্তি ধাৰণ কৰি এখন ট্ৰাক জ্বলাই ভস্মীভূত কৰাৰ বিপৰীতে কেইবাখনে বালি সৰবৰাহকাৰী ট্ৰাকত আক্ৰমণ চলাই বিস্তৰ ক্ষতি সাধন কৰে ৷

ঘটনাৰ বিৱৰণি অনুসৰি আজি চামগুৰিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত বিদ্যুত শৰ্মা(২৬) নামৰ এজন যুৱক অতি গুৰুতৰভাবে আহত হোৱাৰ পিছত পৰৱৰ্তী সময়ত নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হয় ৷ চামগুৰি চিতলমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাটোত বালিভৰ্তি ট্ৰাকৰ খুন্দাত পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃত্যুৰ পিছতে চামগুৰি এলেকাত তীব্ৰ উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত জনতাই এখন বালিভৰ্তি ট্ৰাকত অগ্নি সংযোগ কৰি ট্ৰাকখন ভস্মীভুত কৰে ৷

ইফালে বিধ্বস্ত পথৰ বাবে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাত পলম হয় ৷ উত্তেজিত জনতাই ঘটনাস্থলীত কেইবাখনো বালি সৰবৰাহকাৰী ট্ৰাকত আক্ৰমণ কৰি ক্ষতি সাধন কৰে ৷ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে নিমিষতে চামগুৰি সাপ্তাহিক বজাৰ বন্ধ হৈ পৰে ৷ উত্তেজিত জনতাক ছত্ৰভংগ দিয়াৰ বাবে আৰক্ষীয়ে উত্তেজিত জনতাক উদ্দেশ্যি অৱশেহত লাঠিচাৰ্জ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত লোকৰ একাংশই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক বাধা প্ৰদান কৰাৰ লগতে আক্ৰমণৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে৷













