![]()
মনোৰঞ্জনঃ
বি-টাউনৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই কিছুদিন পূৰ্বে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা “জোনাছ” উপাধি টো আঁতৰাই দিছিল। প্ৰিয়ংকাৰ এই পদক্ষেপে নিক জোনাছৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদৰ বিষয়ে সামাজিক মাধ্যমত আলোচনাৰ সৃষ্টি কৰিছিল। অনুমান কৰা হৈছিল যে প্ৰিয়ংকাৰ বিবাহত কোনোধৰণৰ খেলিমেলিৰ সৃষ্টি হোৱাৰ বাবে তেওঁ উপাধিটো আঁতৰাই দিছে। সামাজিক মাধ্যমত এই প্ৰসংগত চৰ্চা ইমানেই বৃদ্ধি পাইছিল যে প্ৰিয়ংকা চোপ্ৰাই মাতৃ এই ঋণাত্মক চৰ্চাসমূহক খণ্ডন কৰিবলৈ আগবাঢ়ি আহিব লগা হৈছিল। শেহতীয়াকৈ, প্ৰিয়ংকা চোপ্ৰাই নিজেই উপাধিটো আঁতৰাই দিয়াৰ আঁৰৰ কাৰণটো জনাইছে।
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ সংবাদ মাধ্যম ই-টাইমছৰ সৈতে হোৱা কথা বতৰা যোগে প্ৰিয়ংকাই ইয়াৰ আঁৰৰ কাৰণটো প্ৰকাশ কৰে আৰু কয় যে, তেওঁৰ ইনষ্টাগ্ৰামত ব্যৱহৃত নামৰ সৈতে টুইটাৰত ব্যৱহৃত নামটো মিলাব বিচাৰিছিল, আৰু সেয়েহে “জোনাছ” উপাধিটো আঁতৰাই দিছিল। কিন্তু ছ’চিয়েল মিডিয়াত ই ইমান ডাঙৰ বিষয় হৈ পৰা দেখি অভিনেত্ৰী গৰাকী নিজে আচৰিত হৈ পৰিছিল। প্ৰিয়ংকাই আগলৈ কয় যে, ইয়াত সকলোবোৰ সৰু কথাও ইমান অত্যাধিক ডাঙৰ সমস্যা হৈ পৰে যে সেয়া দেখাটো সঁচাকৈয়ে আচৰিত।













