![]()
মনোৰঞ্জনঃ
বলীউডৰ অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু অভিনেত্ৰী কিয়াৰা আদৱানীয়ে নিজ নিজ সম্পৰ্কৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। দুয়োকে প্ৰায়ে একেলগে ঘূৰি ফুৰা তথা সময় কটোৱা দেখিবলৈ পোৱা যায়। এতিয়া খবৰ আহিছে যে, দুয়োগৰাকীয় অতিশীঘ্ৰে তেওঁলোকৰ সম্পৰ্কৰ বাতৰি ৰাজহুৱা কৰিব।
বলীউড লাইফ ডট কমৰ এক প্ৰতিবেদন অনুসৰি, কিয়াৰা আৰু সিদ্ধাৰ্থৰ সম্পৰ্ক এতিয়াও বিবাহৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পৰ্যায়ত আছে। কেটৰিনা আৰু বিকি কৌশলৰ বিবাহৰ কথা উল্লেখ কৰি প্ৰতিবেদন খনে কয় যে, আমি সকলোৱে জানো কেটৰিনা আৰু বিকি কৌশলৰ প্ৰেম কাহিনী আজি কি পৰ্যায়ত উপনীত হৈছে। তেওঁলোক দুয়োজনে তেওঁলোকৰ সিদ্ধান্তৰ বিষয়ে অনুৰাগীসকলক এটা নিৰ্দ্দিষ্ট সময়লৈ জানিবলৈ দিয়া নাছিল। কিয়াৰা আৰু সিদ্ধাৰ্থ মালহোত্ৰাইও একেধৰণৰে কিবা এক পৰিকল্পনা কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে।
একেখন প্ৰতিবেদনে আন এটা সূত্ৰৰ উদ্ধৃতি দি কয় যে, সিদ্ধাৰ্থ আৰু কিয়াৰা সোনকালে বিবাহ পাশত আৱদ্ধ নহ’ব পাৰে কিন্তু তাৰকাদ্বয়ে তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱা কৰিবলৈ সাজু হৈছে। কিয়নো, দুয়োয়ে ইজনে আনজনৰ পিতৃ-মাতৃৰ সৈতে ইতিমধ্যে কথা পাতিছে।













