![]()
স্বাস্থ্য প্ৰতিবেদনঃ
মধুৰিআমৰ উপকাৰিতা সন্দৰ্ভত জানেনে? জানিলে আজিয়েই আপোন কৰি ল’ব এইবিধ ফল৷ তেনেহ’লে চাওক এই প্ৰতিবেদনঃ
মধুৰিআম খালে কি উপকাৰ হয়?
১) কেলচিয়ামৰ পৰা ফছফৰাছ, খাদ্যৰ বিভিন্ন উপাদান থাকে এই ফলত। ইয়াৰ উপৰি থাকে প্রচুৰ পৰিমাণৰ ভিটামিন চি। ফলত ৰোগ প্রতিৰোধ শক্তি বৃদ্ধিত কামত লাগে মধুৰিআম।
২) ডায়েবেটিছ নিয়ন্ত্রণতো কামত লাগে মধুৰিআম। কাৰণ মধুৰিআমত বহুখিনি ফাইবাৰ আছে। যিয়ে শৰীৰৰ পৰা অতিৰিক্ত চেনি শোষম কৰিব পাৰে।
৩) মধুৰিআমত আছে প্রচুৰ পৰিমাণে ভিটামিন-এ। ফলত দৃষ্টিশক্তি বৃদ্ধিতো সক্ষম এই ফল।
৪) ৰক্তচাপো নিয়ন্ত্রণ কৰিব পাৰে মধুৰিআমে। ইয়াত আছে প্রচুৰ পৰিমাণে পটাচিয়াম। যিয়ে হৃদযন্ত্রৰ যত্ন লয়।
৫) মধুৰিআমত আছে বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজাৰ ক্ষমতা। পেটৰ কোনো গোলমালৰ সময়ত সে য়েসহায় কৰিব পাৰে বীজাণুৰ সৈতে যুঁজিবলৈ। ফলত ডায়েৰিয়াৰ দৰে অসুখ হ’লেও সহায় কৰে মধুৰিআমে।













