![]()
নিউজ ডেস্কঃ
ধর্ম পৰিবর্তন কৰাই বিয়াৰ চেষ্টাৰ অভিযোগত উত্তৰ প্রদেশৰ কানপুৰৰ এজন যুৱকক ১০ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে। লগতে ৩০ হাজাৰ টকা জৰিমনাও বিহা হৈছে। উত্তৰ প্রদেশত ‘বেআইনীভাবে ধর্মান্তৰকৰণ প্রতিৰোধ’ আইনত এই প্রথম কোনো ব্যক্তিৰ শাস্তি হ’ল।
আৰক্ষী সূত্ৰ মতে, ঘটনাটি ২০১৭ চনৰ মে’ মাহৰ। জাভেদ নামৰ যুৱক এজনে এগৰাকী নাবালিকাক বিয়াৰ প্রতিশ্রুতি দিছিল। ইয়াৰ পিছত তেওঁক পলুৱাই লৈ যায় যুৱকজনে।
নাবালিকাগৰাকীৰ ওচৰত জাভেদে নিজৰ পৰিচয় গোপন কৰিছিল। ‘মুন্না’ নামেৰে নিজৰ পৰিচয় দিছিল তেওঁ। পলাই যোৱাৰ পিছত অভিযোগ দাখিল হয়। পিছদিনাই জাভেদক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। তদন্তকাৰীৰ ওচৰত নাবালিকাগৰাকীয়ে জনায় যে প্রেমিক মুন্নাই তেওঁক ঘৰলৈ নিয়াৰ পিছত নিজৰ প্ৰকৃত পৰিচয় জনায়। লগতে নিকাহৰ বাবে জোৰ-জুলুম কৰে। কিন্তু ছোৱালীজনী তাত ৰাজী নহয়। নাবালিকাৰ অভিযোগ, জাভেদে তেওঁক ধর্ষণো কৰিছে।
জাভেদক গ্রেপ্তাৰৰ পিছত পকছো আইনত গোচৰ ৰুজু হয়। জে’ললৈ যায় যুৱকজন। ইয়াৰ মাজতেই উত্তৰ প্রদেশত বেআইনীভাবে ধর্মান্তৰকৰণ প্রতিৰোধ অধ্যাদেশ, ২০২০ গৃহীত হয়। উক্ত বছৰতেই অধ্যাদেশখন আইনত পৰিণত হয়। এই আইনত দোষী সাব্যস্ত হ’লে ১৫-৫০ হাজাৰ টকা জৰিমনা আৰু ১০ বছৰৰ কাৰাদণ্ড নির্ধাৰিত হয়। উল্লেখ্য, বর্তমান উক্ত আইনত যোগী আদিত্যনাথৰ ৰাজ্যত ১০৮টা গোচৰ ৰুজু হৈছে।













