![]()
নিউজ ডেস্কঃ
ভাৰতীয়সকলৰ অন্যতম পছন্দৰ খাদ্য যে বিৰিয়ানি সেয়া সত্য প্রমাণিত কৰি অনলাইন খাদ্য সৰবৰাহকাৰী সংস্থা ছুইগিয়ে প্রকাশ কৰিলে তেওঁলোকৰ বার্ষিক ৰিপোর্ট কার্ড।
ছুইগিৰ ৰিপোর্ট মতে, ২০২১ চনত ভাৰতীয়সকলে প্রতি ৬০ ছেকেণ্ডত প্রায় ১১৫ প্লেট বিৰিয়ানি অর্ডাৰ কৰিছে। এক টুইটাৰ পোষ্টত ছুইগিয়ে জনাইছে, ‘২০২১ চনত মুঠ ৬ কোটি ৪ লক্ষ ৪৪ হাজাৰ বিৰিয়ানি অর্ডাৰ কৰা হৈছে।’
ৰিপোর্ট কার্ড অনুযায়ী, চাৰি লক্ষাধিক গ্রাহকে তেওঁলোকৰ প্রথম অর্ডাৰ হিচাবে বিৰিয়ানি অর্ডাৰ দিছে। স্নেক্স হিচাবে সৰ্বাধিক অর্ডাৰ কৰা হৈছে শিঙৰা। অর্ডাৰৰ সংখ্যা প্রায় ৫০ লাখ৷
২০২০ চনত প্রতি মিনিটত প্রায় ৯০ প্লেট বিৰিয়ানি অৰ্ডাৰ কৰা হৈছিল। ছুইগিৰ ৰিপোর্টৰ পৰা জানিব পৰা মতে, চিকেন উইঙ্গছতকৈ ছয় গুণ বেছিবাৰ অর্ডাৰ কৰা হৈছে শিঙৰা। মিঠাই হিচাবে গুলাবজামু অর্ডাৰ কৰা হৈছে প্রায় ২১ লক্ষবাৰ।













