![]()
নিউজ ডেস্কঃ
২০২৩ বৰ্ষত দেৰগাঁও নৃত্যঞ্জলি কলা কেন্দ্ৰই ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিব। নৃত্য ৰত্ন, লোক নৃত্য সম্ৰাট, নৃত্য সূৰ্য উপাধিৰে বিভূষিত নৃত্য পৰিচালক শান্তুমণি শৰ্মা আৰু বসন্ত সম্ৰাগী, ভাৰত নৃত্যাঙ্গনা উপাধিৰে বিভূষিত অলিম্পিকা ভূঞাৰ তত্বাৱধানত ১৯৯৯ চনত প্ৰতিষ্ঠা লাভ কৰা নৃত্যাঞ্জলি কলা কেন্দ্ৰ নৃত্য, নাট্য, লোক বাদ্যৰ পদ্ধতিগত প্ৰশিক্ষণ কেন্দ্ৰ।
ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি ২০ দিনীয়া নৃত্য আৰু মডেলিং কৰ্মশালাৰ অন্তত অহা ইং ২৬ ডিচেম্বৰ তাৰিখ দেওবাৰে দিবা-নৈশ কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰত আয়োজন কৰা হৈছে “প্ৰতিভা প্ৰত্যুষ সভা” সাংস্কৃতিক অনুষ্ঠানৰ। সেই মঞ্চতে সন্ধ্যা খ্যাতনামা অভিনেতা বোকাখাতৰ সু-সন্তান অৰুণ হাজৰিকাৰ লগতে দেৰগাঁৱৰ লোক সংস্কৃতিৰ আজন্ম সাধক নন্দেশ্বৰ গগৈ দেৱক প্ৰদান কৰা হ’ব “জীৱনজোৰা সাধনা বঁটা-২০২১”। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ ক প্ৰদান কৰা হ’ব “সংগীত সূৰ্য'” উপাধি আৰু মোহময়ী অভিনেত্ৰী প্ৰিয়ম পল্লৱীক প্ৰদান কৰা হ’ব “উদিত দীপ্তি অভিনেত্ৰী” উপাধি। নৃত্যাঞ্জলিৰ ৮ গৰাকী ছাত্র ছাত্ৰী ক প্ৰদান কৰা হব ‘নৃত্য বিশাৰদ’ উপাধি।
দেৰগাঁও, বোকাখাত আৰু কছাৰীহাট নৃত্যাঞ্জলিৰ প্ৰায় ৫০০ ছাত্র ছাত্ৰীয়ে পৰিবেশন কৰিব বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান। অসম বাসী ৰাইজৰ উপস্থিতি উদযাপন সমিতিৰ সভাপতি মহাবীৰ প্ৰসাদ আগৰৱালা, কাৰ্যকৰী সভাপতি জিতু শৰ্মা ৰাজখোৱা, মুখ্য সম্পাদক দুলাল ডেকাই আন্তৰিকতাৰে কামনা কৰিছে।













