![]()
ছাইদুল ইছলাম
ডিফু : দীৰ্ঘ দিনে কাৰবি পাহাৰ আৰু ডিমা হাচাও জিলাত বিভিন্ন কূটাঘাতমূলক কাৰ্যৰে আৰক্ষী প্ৰশাসনক অশান্তিত পেলোৱা ডি এন এল এফ(DNLA)ৰ আজি ৬৭ জন কেডাৰে মূলসূঁতিলৈ উভতি আহে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰবি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ ৷ অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান হিৰেণ চন্দ্ৰ নাথ, মধ্য মণ্ডলৰ ডিআইজি সত্যৰাজ হাজৰিকা,জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, চিআৰপিএফৰ শীৰ্ষ বিষয়া, পৰিষদৰ বহু কেইগৰাকী কাৰ্যবাহী সদস্য আৰু এমএচি উপস্থিত আছিল ৷ সংগঠনটোৰ অধ্যক্ষ আৰু সেনাধ্যক্ষ নাইডিং ডিমাছাৰ নেতৃত্বত আজিৰ এই অস্ত্ৰ সম্বৰণ কাৰ্যসূচীৰ সম্পন্ন হয় ৷ উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে দুটা একে চিৰিজৰ ৰাইফলকে ধৰি মুঠ ১১ টা বন্দুক, ৯টা পিষ্টল লগতে তিনিশ জাঁই সজীৱ গুলী জমা দিয়ে ৷
উল্লেখযোগ্য যে, ২৫ ছেপ্তেম্বৰত উগ্ৰপন্থী সংগঠনটটো একপক্ষীয়ভাবে যুদ্ধ বিৰতি ঘোষণা কৰি ওলাই আহিছিল ৷ ১৩ নৱেম্বৰত ডিমা হাছাও জিলাৰ খেপ্ৰেত উগ্ৰপন্থী সংগঠনটোৰ ৪৯ গৰাকী সদস্যই ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা আৰু হিৰেন চন্দ্ৰ নাথৰ ওচৰত অস্ত্ৰ শস্ত্ৰসহ আত্মসমৰ্পন কৰিছিল ৷ অস্ত্ৰ-সম্বৰণ কাৰ্যসূচীৰ চমু ভাষণত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হিৰেণ চন্দ্ৰ নাথে কয় যে, মুখ্য মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাৰ বাবে কেইবাটাও উগ্ৰপন্থী সংগঠন মূল সূঁতিলৈ ঘূৰি আহিছে ৷ জাতিৰ উন্নয়নৰ বাবে এই সকল বিদ্ৰুোহী সদস্যৰ সমস্যা সমাধানৰ বাবেও চৰকাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে আৰক্ষী শীৰ্ষ বিষয়া গৰাকীয়ে ঘৰৰ ল’ৰা ঘৰলৈ ঘৰলৈ ঘূৰি অহা বুলি মন্তব্য কৰি নাথে সকলোকে আত্মসমৰ্পনকাৰী সদস্যসকলক আকোঁৱালি লবলৈ আহ্বান জনায় ৷
মুখ্য অতিথি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে আজিৰ দিনটো জিলাখনৰ বাবে ঐতিহাসিক দিন ৷ অস্ত্ৰৰে বিভিন্ন সমস্যাৰ পথ লোৱা যুৱকসকলে সমস্যা সমাধান বিচাৰি আলোচনাৰ মাজলৈ আহিছে ৷ ই, সমাজৰ বাবে ভাল লক্ষণ ৷ মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবেই ই সম্ভৱ হৈছে ৷ বহু উন্নয়ণমূলক কাম কৰিবলৈ বাকী আছে ৷ উন্নয়নৰ আৰু শান্তিৰ বাট বোলা উগ্ৰপন্থী সদস্য সকলক আদৰণি জনাইছো ৷ শান্তি বিচাৰি জিলাৰ আন ছয়টাকৈ উগ্ৰপন্থী সংগঠনে অস্ত্ৰ এৰি মূল সূঁতিলৈ ঘূৰি আহিছে বুলি ৰংহাঙে মন্তব্য কৰে ৷ বিদ্ৰোহী সংগঠন সমূহৰ দাবী সমূহ প্ৰধানমন্ত্ৰী, আৰু গৃহমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে আলোচনা কৰিব বুলিও কয় ৰংহাঙে ৷ আগন্তুক দুমাহৰ ভিতৰত ডিফু-ধনশিৰি পথ নিৰ্মাণ কৰি ওলিওৱা হ’ব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷












