![]()
মনোৰঞ্জনঃ
ক’ৰোণা দুৰ্যোগৰ সময়ত দুখীয়া তথা আৰ্থিকভাৱে পিছপৰি ৰোৱা বিভিন্ন জনক সহায় কৰাৰ পিছত বহুল হাৰত চৰ্চালৈ অহা অভিনেতা সনু সুদে এতিয়া নিজ কৰ্মক্ষেত্ৰলৈ প্ৰায় ২ বছৰৰ অন্তত উভতি আহিছে আৰু নিজ নতুন ছবিখনৰ ঘোষণা কৰিছে। অনাগত দিনত, সনুক অভিনন্দন গুপ্তাৰ দ্বাৰা পৰিচালিত ছবি “ফতেহ” ত একচন ষ্টাৰ হিচাবে দেখিবলৈ পোৱা যাব। এই ছবিখন জি ষ্টুডিঅ’ ৰ দ্বাৰা প্ৰযোজনা কৰাৰ লগতে সনুৰ পত্নী সোণালী সুদে ছবিখনৰ সহ-প্ৰযোজনা কৰিছে। জানিব পৰা মতে, এই ছবিখনৰ কাহিনীভাগ বাস্তৱ ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত।
সনু সুদক শেষবাৰৰ বাবে ৰোহিত চেট্টীৰ ছবি “চিম্বা” ত এক নেতিবাচক চৰিত্ৰত দেখা গৈছিল। অভিনেতা সনু তেওঁৰ আহিবলগীয়া ছবি “ফতেহ” ৰ সৈতে একচনৰ এখন নতুন জগতত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। ইয়াৰ পূৰ্বে, সনুক ২১ জানুৱাৰীত মুক্তিপাবলগীয়া ড° চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ ছবি “পৃথ্বীৰাজ” ত দেখা যাব। য়শ ৰাজ বেনাৰত নিৰ্মিত ছবিখনত অক্ষয় কুমাৰে ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
সনুৱে ফতেহৰ বিষয়ে কয় যে “মই ছবিখনৰ কাহিনী ভাল পাইছিলোঁ। এইটো এটা অতি গুৰুত্বপূৰ্ণ বিষয় যাক সমাধান কৰা প্ৰয়োজন। চিত্ৰনাট্যখন পঢ়াৰ লগে লগে মই বুজি পাইছিলোঁ যে মই এই ছবিখন কৰিব লাগিব। মই এই ছবিখন দৰ্শকৰ মাজলৈ লৈ যাবলৈ উৎসাহিত। চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ অহা বছৰৰ আৰম্ভণিতে আৰম্ভ হ’ব।”













