![]()
নিউজ ডেস্কঃ
বাংলাদেশৰ জালকাঠিত যাত্ৰীবাহী জাহাজত বৃহস্পতিবাৰে পুৱতিনশা ৩ বজাত সংঘটিত হয় ভয়ানক অগ্নিকাণ্ড। ঘটনাত এই পর্যন্ত ৩৬ জনৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে। ৯০ জনক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছে। তেওঁলোক বৰ্তমান চিকিৎসাধীন। জাহাজখনৰ কেইবাজনো যাত্রী এতিয়াও নিখোঁজ।
‘এমভি-১০ অভিযান’ নামৰ জাহাজখনে প্ৰায় এহাজা যাত্রী লৈ ঢাকাৰ পৰা বৰগুনালৈ ৰাওনা হৈছিল। সুগন্ধী নদীত যাত্ৰাপথতে জুই লাগে জাহাজখনত। পিছত জাহাজখনক দিয়াকুল গাঁৱত লংগৰ পেলোৱা হয়। জুই লগাৰ লাপিছত বহু যাত্রীয়ে নদীত জাঁপ দিয়ে। তেওঁলোকৰ একাংশই সাঁতুৰিব জানে যদি বহুতে নাজানে বুলি স্থানীয় সূত্রে জানিব পৰা গৈছে। আহতসকলৰ ভিতৰত ৭৫ জনক বৰিশালৰ শ্বেৰ-ই-বাংলা মেডিকেল কলেজ হাস্পতাল আৰু জালকাঠি সদৰ হাস্পতালত অন্য ১৫ জনক ভর্তি কৰোৱা হৈছে।
খবৰ পোৱা মাত্ৰে অগ্নিনিৰ্বাপক বাহিনীৰ পাঁচখন গাড়ীয়ে অগ্নি নিৰ্বাপণৰ কাম আৰম্ভ কৰে। পুৱা ৫টাৰ পৰা চাৰে ৫টাৰ ভিতৰত জুই নিয়ন্ত্রণলৈ অনা সম্ভৱ হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ঘন কুঁৱলীৰ কাৰণে উদ্ধাৰকাৰ্যত অসুবিধাৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে। জুই লগাৰ কাৰণ সম্পর্কে এতিয়াও নিশ্চিতভাবে একো জানিব পৰা হোৱা নাই।













