![]()
নিউজ ডেস্কঃ
চুলি বান্ধিবলৈ ফিটাৰ পৰিৱৰ্তে যদি সাপ ব্যৱহাৰ কৰা হয়? তাকো আকৌ জীৱন্ত সাপ? তেনে ধৰণৰে এচি ভিডিও দেখা গ’ল ইনষ্টাগ্রামত।
ভিডিওটিত দেখা মতে, এগৰাকী মহিলাই শ্বপিং মলত সোমাইছে। কেমেৰা জুম কৰি মহিলাগৰাকীক চাওঁতেই দেখা গ’ল, মহিলাগৰাকীয়ে চুলি বান্ধিবলৈ এডাল জীৱন্ত সাপক ফিটা হিচাবে ব্যৱহাৰ কৰিছে।
https://www.instagram.com/p/CWlovFmDv75/?utm_source=ig_embed&utm_campaign=embed_video_watch_again
মহিলাগৰাকীৰ এই অদ্ভুত ৰুচিত কিছুমানে শিহৰিত হয় যদিও আন কিছুৱে আকৌ ভয় নাখায়৷ কিন্তু মহিলাগৰাকীৰ এই অদ্ভুত সাজ দেখি ইনষ্টাগ্রাম ব্যৱহাৰকাৰীসকল অবাক। এই ১৬ হাজাৰোধিকে ভিডিওটি চাইছে। বহুতে আকৌ মন্তব্যও দিছে। কোনোবা এজনে লিখিছে, ‘সাপডালে নিজৰ দায়িত্ব বৰ ভালদৰেই বুজি লৈছে।’













