![]()
নিউজ ডেস্কঃ
যিফালেই চকু যায়, সেইফালেই টকা! পীযূষ জৈন নামৰ কানপুৰৰ এজন ব্যৱসায়ীৰ ঘৰত অভিযান চলাই ১৫০ কোটিৰ নোট উদ্ধাৰ কৰিছে আয়কৰ বিভাগে। একে সময়তে তালাচী চলোৱা হৈছে তেওঁৰ একাধিক কোম্পানীতো।
আয়কৰ বিভাগৰ সূত্র মতে, এই প্রতিবেদন যুগুতোৱা পর্যন্ত ১৫০ কোটি টকাৰ নোট উদ্ধাৰ কৰা হৈছে। অৱশ্যে গণনা সম্পূর্ণ হোৱা নাই। কানপুৰৰ লগতে মুম্বাইতো পীযূষৰ কাৰ্যালয়ত তালাচী চলোৱা হৈছে।
কৰ ফাঁকিৰ অভিযোগতেই আয়কৰ বিভাগে ব্যৱসায়ীজনৰ ঘৰত তালাচী চলাইছিল। আয়কৰ বিভাগৰ বিষয়াসকলে প্রথমে আনন্দপুৰীত পীযূষৰ ঘৰত তালাচী চলায়। তাতেই উদ্ধাৰ হয় ১৫০ কোটিৰ নোট। পীযূষ সুগন্ধি দ্রব্যৰ ব্যৱসায়ী। লগতে তেওঁৰ ক’ল্ড ষ্টোৰেজ, পেট্র’ল পাম্পৰ ব্যৱসায়ো আছে। মুম্বাইত এটি শ্বা-ৰুমৰ মালিক তেওঁ।













