![]()
নিউজ ডেস্কঃ
পঞ্জাবৰ অমৃতসৰৰ দুই ভাতৃ চোহনা আৰু মোহনা৷ দুই ভাতৃ পিছে সাধাৰণতকৈ ব্যতিক্ৰম। ইয়াৰ কাৰণ হৈছে শাৰীৰিক বিসংগতি বা প্ৰতিবন্ধকতা৷ কিন্তু তেওঁলোকে শাৰীৰিক প্রতিকূলতাকো পৰাস্ত কৰি লাভ কৰিবলৈ সক্ষম হৈছে চৰকাৰী চাকৰি।
১৯ বছৰীয়া চোহনা আৰু মোহনাই যোৱা ২০ ডিচেম্বৰত মাহিলি ২০ হাজাৰ টকা দৰমহাত চাকৰি লাভ কৰিছে পঞ্জাব ৰাজ্যিক বিদ্যুৎ পৰিষদত। সৰুৰে পৰাই পঢ়া-শুনাত চোকা দুই ভাতৃ ইঞ্জিনিয়াৰিঙৰ ডিপ্লমাধাৰী। পঢ়া শেষ হোৱাৰ লগে লগেই তেওঁলোকক নিযুক্তি দিয়ে পঞ্জাব ৰাজ্যিক বিদ্যুৎ পৰিষদে।
তেওঁলোকক চাকৰি প্ৰদানৰ বাবে দুই ভাতৃয়ে ধন্যবাদ জনাইছে পঞ্জাব চৰকাৰক৷ লগতে এই সুযোগ লাভ কৰি অতি আনন্দিত৷
২০০৩ চনত নতুন দিল্লীত জন্ম দুই ভাতৃৰ। জন্মৰ পৰাই দুয়োৰে মূৰ, হাত, ডিঙি আৰু হৃৎপিণ্ড পৃথক৷ কিন্তু শৰীৰৰ তলৰ অংশ একেটাই। জন্মৰ পিছতেই পিতৃ-মাতৃয়ে দুয়োকে পৰিত্যাগ কৰে। দিল্লী এইমছৰ চিকিৎসকে অস্ত্রোপচাৰ কৰি তেওঁলোকক পৃথক কৰাৰ চেষ্টা কৰে যদিও শাৰীৰিক জটিলতাৰ কাৰণে সক্ষম নহ’ল।













