![]()
নিউজ ডেস্কঃ
প্ৰকৃতিপ্ৰেমী বাবে দু-খবৰ।অসম ৰাজ্যিক চিৰিয়াখানাত জিৰাফৰ মৃত্যু।কৰ্তৃপক্ষৰ গাফিলটি বাবেই মৃত্যু হোৱা আশংকা জিৰাফৰ।
ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষই অৱগত কৰে মতে-বৃহস্পতিবাৰে নিশা প্ৰায় ১০.৩০ বজাত মৃত্যু হয় জিৰাফটো।ঘাঁহ খাই থকা অৱস্থাত ডিঙিত ফাঁচ লাগি ধৰিছিল।কিন্তু চিৰিয়াখানা কৰ্তৃপক্ষই চিকিৎসাৰ কোনো ব্যৱস্থা নকৰিলে।ফলত নিশা মৃত্যু হয় জিৰাফজনী।
উল্লেখ্য ২০১৯চনত চিৰিয়াখানালৈ অনা হৈছিল দুটা জিৰাফ।মাইশৰৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষই আনিছিল জিৰাফ দুটা।তাৰে এটা জিৰাফৰ এবছৰৰ পূৰ্বে মৃত্যু হৈছিল।
ডি এফ অ অশ্বিনী কুমাৰে জানিব দিয়া অনুসৰি-মহীশূৰৰ পৰা অনা হৈছিল এনিৰ নামৰ জিৰাফজনী।বয়স আছিল চাৰি বছৰ।মৃত্যুৰ কাৰণ বৰ্তমানো নিশ্চিত নহয়।মৃত্যু ঘটনাক লৈ জাৰি কৰা হৈছে তদন্ত ।তদন্তৰ অন্তত পোহৰলৈ আহিব মৃত্যুৰ ৰহস্য।













