![]()
নিউজ ডেস্কঃ
সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ল’লে হৰভজন সিঙে। শুক্ৰবাৰে এক টুইটৰ জৰিয়তে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে তেওঁ। টুইটাৰত হৰভজনে লিখিছে, ‘সকলো ভাল বস্তুৱেই এদিন শেষ হয়। আজি মই এনে এবিধ খেলক বিদায় জনাইছোঁ যিয়ে মোক জীৱনত সকলো দিছে। ২৩ বছৰৰ এই সুদীৰ্ঘ যাত্রা যিসকলে সুন্দৰ আৰু স্মৰণীয় কৰি ৰাখিছে, তেওঁলোকৰ প্রত্যেককে বহুত ধন্যবাদ।’
১৯৯৮ চনত বাঙ্গালোৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত অভিষেক হৈছিল হৰভজনৰ। তাৰ পিছৰ মাহত শ্বাৰজাহত নিউজীলেণ্ডৰ বিৰুদ্ধে ঘটিছিল এদিনীয়া ক্রিকেটত অভিষেক। তাৰ পিছৰ পৰাই ক্ৰিকেটৰ দুয়োটা ফৰ্মটৰেই ভাৰতীয় দলৰ অবিচ্ছেদ্য অংশ হৈ পৰে তেওঁ৷
জীৱনত পিছে বিতর্কইও লগ এৰা নাছিল হৰভজনৰ। ২০০৭-০৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত এণ্ড্ৰিউ ছাইমনছৰ সৈতে হোৱা তেওঁৰ সেই বিতৰিকৰ কথা ক্ৰিকেট ইতিহাসৰ পৰা মচ নাখায়। ক্রিকেট বিশ্বত যিটো পৰিচিত ‘মাঙ্কিগেট’ নামেৰে। ইয়াৰ পিছত ২০০৮ চনত আইপিএলৰ এখন মেচত এছ শ্রীসন্থক চৰিওৱাৰ অভিযোগো উঠে তেওঁৰ বিৰুদ্ধে।
প্ৰথমে মুম্বাই, তাৰপিছত চেন্নাই আ ৰুচলিত বৰ্ষত কলকাতাৰ হৈ খেলা আইপিএলত মুঠ ১৬৩খন মেচত ১৫০টা উইকেট লাভ কৰিছে হৰভজন সিঙে।
টেষ্ট কেৰিয়াৰত ১০৩খন টেষ্ট খেলি হৰভজনে লাভ কৰিছে ৪১৭টা উইকেট৷ আনহাতে, মুঠ ২৩৬খন এদিনীয়া মেচত তেওঁ লাভ কৰিছে ২৬৯টা উইকেট৷ আন্তৰাষ্ট্ৰীয় টি-২০ত ২৮খন মেচত হৰভজনে লাভ কৰিছে ২৫টা উইকেট৷













