![]()
নিউজ ডেস্কঃ
দেশত ক্রমাৎ প্রসাৰ ঘটিছে ওমিক্রনৰ।
এই পর্যন্ত ৩৫৮ জন ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে। সংক্রামিতৰ সংখ্যাত দেশৰ শীর্ষত মহাৰাষ্ট্র। তাৰ পিছতেই দিল্লী। যাৰ বাবে দিল্লী, হাৰিয়ানাত আগতীয়াকৈ বৰদিন আৰু নৱবৰ্ষৰ সমাবেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
এইবাৰ উত্তৰ প্রদেশতো কঠোৰ বিধি জাৰি কৰিবলৈ আগবাঢ়িছে যোগী চৰকাৰ। শনিবাৰৰ পৰা সমগ্ৰ ৰাজ্যত জাৰি হ’ব নৈশ সান্ধ্য আইন।
উত্তৰ প্রদেশত নিশা ১১টাৰ পৰা পুৱা ৫টা পর্যন্ত জৰুৰী কামৰ বাহিৰে ৰাস্তাত ওলোৱা নিষেধ।
লগতে বিয়া-বাৰু বা অন্য অনুষ্ঠানত ২০০ জনৰ বেছি উপস্থিত থাকিব নোৱাৰিব। মানি চলিব লাগিব কোভিড বিধি। মুখ্যমন্ত্রী যোগী আদিত্যনাথে সকলো দোকানী আৰু বিক্রেতাক কঠোৰভাবে নির্দেশ দিছে যে মাস্ক নিপিন্ধিলে গ্রাহকক একো বিক্ৰী কৰিব নোৱাৰিব। লগতে বিমানযাত্ৰীসকলক কৰা হ’ব আৰটিপিচিআৰ টেষ্ট৷













