![]()
ছাইদুল ইছলাম
ডিফু : যোৱা ২০ ডিচেম্বৰত কাৰবি আংলং-নাগালেণ্ড সীমান্তৰ লাহৰিজানৰ দুদু ক’লনিত প্ৰথম পৰ্যায়ৰ উচ্ছেদ কাৰ্যৰ পিছত আজি দ্বিতীয় পৰ্যায়তো পুৱাৰে পৰা চলোৱা হয় দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ৷ প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান শান্তিপূৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানত একাংশ বেদখলকাৰীৰ প্ৰশাসনৰ সৈতে তৰ্ক বিবাদ হয় ৷ দুদু ক’লনিত থকা এখন মাদ্ৰাছাত উচ্ছেদ চলোৱা কাৰ্যকলৈ উত্তেজিত হৈ পৰে একাংশ উচ্ছেদিত লোকে৷ উচ্ছেদিতসকলে হাতে হাতে নথি-পত্ৰ, বেনাৰ, ফেষ্টুন আদিলৈ উচ্ছেদথলীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আজি পুৱাৰে পৰা কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত বিশাল নিৰাপত্তাৰক্ষীৰ দলে লাহৰিজানৰ ৩নং ব্লকত প্ৰশাসনৰ এই উচ্ছেদ অভিযান চলায় ৷
জানিব পৰা মতে কাৰ্বি আংলং ৰাজহ চক্ৰ বিভাগৰ বৰজান মৌজাৰ অন্তৰ্গত মুঠ ১১টা দাগত প্ৰশাসনে চলাব এই উচ্ছেদ অভিযান ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ অনুসৰি চৰকাৰী ভূমি বেদখল কৰি দুদু ক’লনিত একাংশ বেদখলকাৰীয়ে অবৈধভাবে সাজিছিল বাসগৃহ৷












