![]()
ষ্টাফ ৰিপৰ্টাৰ
নগাঁওঃ
নগাঁৱৰ হয়বৰগাঁও আৰক্ষীয়ে আজি অভিযান চলাই নগাঁও চহৰৰ নিকটৱৰ্তী কেন্দুগুৰিৰ পৰা নৌকা আকৃতিৰ এটা নকল সোণৰ মূৰ্তি সহ চাৰিজন নকল সোণৰ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নকল সোণৰ ব্যৱসায়ী কেইজন হৈছে লখিমপুৰৰ আতিকুল ইছলাম(৩০) , নাজিমউদ্দিন(৩৫),চিৰাজুল ইছলাম আৰু উত্তৰ প্ৰদেশৰ অশোক কুমাৰ(৪১)।

আৰক্ষীয়ে ধৃত নকল সোণৰ ব্যৱসায়ী কেইজনৰ পৰা নগদ ২ লাখ ১৮ হেজাৰ টকাও জব্দ কৰে । আৰক্ষী সূত্রই জানিবলৈ দিয়া মতে ধৃত নকল সোণৰ ব্যৱসায়ী কেইজনে মানুহক প্ৰবঞ্চনাৰে নকল সোণৰে তৈয়াৰী আ অলংকাৰ, মূৰ্তি আদি বিক্ৰী কৰি আহিছিল ।













