![]()
মনোৰঞ্জনঃ
অভিনেতা ৰণবীৰ সিঙৰ “৮৩” নামে ছবিখনে শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছে। কিন্তু মুক্তিৰ পিছতেই টুইটাৰত ছবিখন বৰ্জন কৰাৰ দাবী আৰম্ভ কৰিছে একাংশ দৰ্শকে লগতে বিভিন্নজনে #Boycott হেচটেগ ব্যৱহাৰ কৰিয়ে ছবিখন বৰ্জনৰ দাবী উত্থাপন কৰিছে। জানিব পৰা মতে, এই দাবী উত্থাপনত অভিনেতা সুশান্ত সিং ৰাজপুতৰ বহু অনুৰাগী অন্তৰ্ভূক্ত হৈ আছে। “৮৩” ছবিখনত ৰণবীৰ সিং আৰু তেওঁৰ পত্নী তথা অভিনেত্ৰী দীপিকা পাডুকনে গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ণ কৰিছেl ছবিখনৰ কাহিনীভাগ ভাৰতে ১৯৮৩ চনত প্ৰথম ক্ৰিকেট বিশ্বকাপ জয় কৰাৰ ওপৰত আধাৰিত।
কিন্তু শেহতীয়াকৈ টুইটাৰত ছবিখনৰ বৰ্জনৰ দাবী উত্থাপন কৰি দৰ্শকে লিখে যে, “ৰণবীৰ সিঙে বহু সময়ত সুশান্ত সিং ৰাজপুতক উপহাস কৰিছিল। এতিয়া আমি একেলগ হৈ ছবিখন চুপাৰ-ডুপাৰ ফ্লপ কৰিবলৈ চেষ্টা কৰিব লাগেl” আনহাতে আন এজনে লিখে যে, ‘৮৩ ক বয়কট কৰিবলৈ সাজু হওঁক। আমি ইয়াক বৃহৎ সংখ্যাত ট্ৰেণ্ড কৰিবলৈ লাগে। সুশান্ত সিং ৰাজপুতে এজন অতি ভাল ব্যক্তি।” আনহাতে আন এজনে কয়, “কেৱল ছবিয়ে নহয়, আমি তেওঁলোকৰ সকলোবোৰ বস্তুৱেই বৰ্জন কৰা উচিত যাতে তেওঁলোকে ভুৱা নাৰীবাদ আৰু হিন্দুত্ববাদৰ ওপৰত কথা নাপাতিব।”













