![]()
মনোৰঞ্জনঃ
আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰা প্ৰথমজন অসমীয়া অভিনেতা হৈছে ইন্দ্ৰ বণিয়া। আজি তেখেতৰ জন্মদিৱসত সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। লখিমপুৰ জিলাৰ ধলপুৰত জন্মগ্ৰহণ কৰা এই অভিনেতা গৰাকীয়ে জাহ্নু বৰুৱাৰ ছবি “হালধীয়া চৰায়ে বাওধান খায়” ৰ বাবে লোকাৰ্ণ চলচিত্ৰ মহোৎসৱত “শ্ৰেষ্ঠ অভিনেতা” ৰ বঁটা লাভ কৰে।
১৯৭৫ চনত মুক্তিপ্ৰাপ্ত ছবি “খোজ” ৰ দ্বাৰা অভিনেতা গৰাকীয়ে প্ৰথমবাৰৰ বাবে অভিনয় জগতত খোজ পেলায়। ইয়াৰ উপৰিও অভিনেতা গৰাকী ১৯৬৪ চনৰ পৰা গুৱাহাটী অনাঁতাৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী ৰূপে “গোবৰ্ধন চৰিত” আৰু “মইনাৰ সংবাদ” নাটকত অভিনয় কৰিছিল।
ইন্দ্ৰ বণিয়াই মুঠ ২৮ খন অসমীয়া ছবিত অভিনয় কৰাৰ লগতে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ কৰ্মচাৰী হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। ২০১৫ চনৰ ২৫ মাৰ্চত এই অভিনেতা গৰাকী ইহলীলা সম্বৰণ কৰে।













