![]()
নিউজ ডেস্কঃ
মামীয়েকৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পর্কত জড়িত হৈছিল ভাগিনীয়েক। তাকে লৈ বিবাহিত ভাগিনীয়েকৰ সংসাৰত নিতৌ অশান্তি। সেই অশান্তিয়ে গৈ শুক্রবাৰে বিয়লি চূড়ান্ত সীমাত উপনীত হয়। অভিযোগ, মহিলাগৰাকীৰ সৈতে কোঠাৰ ভিতৰতে জোঁৱাইয়েকক মাৰধৰ কৰে শহুৰ-শাহুৱে। ফলত গুৰুতৰভাৱে আহত অৱস্থাত হস্পিটেললৈ লৈ যোৱা হয় মহিলাগৰাকীক৷ হস্পিটেলত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে। অৱশ্যে মৃত মহিলাগৰাকীৰ ভাগিনীয়েকৰ শহুৰ-শাহুৱেকৰ দাবী, পৰকীয়া প্ৰেমৰ বাবেই এই ঘটনা। পশ্চিমবংগৰ দুর্গাপুৰৰ নিউটাউনশ্বিপ থানাৰ হৰিবজাৰৰ ঘটনা এয়া।
আৰক্ষী সূত্রে মতে, মৃত মহিলাগৰাকীৰ নাম মইতুন্নিশা বিবি। ভাগিনীয়েক আজগৰ আলিয়ে তেওঁৰ সৈতে বিবাহবহির্ভূত সম্পর্কত জড়িত হৈ পৰিছিল বুলি স্থানীয় লোকসকলৰ দাবী। ২০১৭ চনত আজগৰৰ সৈতে জেমুৱাৰ বাসিন্দা আকিদা বিবিৰ বিয়া হৈছিল। কিন্তু বিয়াৰ পিছতো মামী-ভাগিনৰ সম্পর্ক শেষ হোৱা নাছিল বুলি অভিযোগ। ইয়াকে লৈ আকিদাৰ সৈতে আজগৰৰ সংসাৰত প্রায়েই কাজিয়া লাগি আছিল।













