![]()
নিউজ ডেস্কঃ
শনিবাৰে পুৱাৰ পৰিসংখ্যা অনুযায়ী দেশত ওমিক্রনত আক্রান্তৰ সংখ্যা বৰ্তমান ৪১৫। আনহাতে, বিগত ২৪ ঘণ্টাত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ৭,১৮৯ জন। এই মুহূৰ্তত ভাৰতত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ৭৭,০৩২।
উল্লেখ্য, ইতিমধ্যে নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে মহাৰাষ্ট্র, হাৰিয়ানা, দিল্লী, গুজৰাট, পশ্চিমবঙ্গত। ওড়িশাতো উৎসৱৰ আনন্দত নাকী লগোৱা হৈছে। তথাপি সংক্রমণ বাঢ়িয়েই আছে।
১৬২ দিন ধৰি কোনো সংক্রমণ নাছিল ৰাজস্থানত। কিন্তু হঠাতে বিগত ২৪ ঘণ্টাত নতুনকৈ ৪২ জন আক্রান্ত হৈছে ৰাজ্যখনত। ইফালে ব্রিটেইনত সংক্রমণৰ ধাৰা অব্যাহত আছে।
অৱশ্যে বিশেষজ্ঞসকলৰ মতে, সংক্রমণ বৃদ্ধি হ’লেও, ওমিক্রনে সিমান এটা ভয়াৱহ প্রভাৱ পেলোৱা নাই, যিমানখিনি ডেল্টাই পেলাইছিল।













