![]()
নিউজ ডেস্কঃ
দেশবাসীক বৰদিনৰ শুভেচ্ছা জনালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। শনিবাৰে পুৱা টুইট কৰি তেওঁ শুভেচ্ছা জনায়।
টুইটত মোদীয়ে লিখে, ‘বৰদিনত সকলোকে শুভেচ্ছা জনালো। যিশুখ্ৰীষ্টই যি মানৱতাৰ পথ দেখুৱাইছিল সেয়া স্মৰণ কৰি আমি আগবাঢ়িব লাগিব। চাৰিও দিশে সম্প্রীতিৰ বাতাবৰণ গঢ়ি উঠক, সকলোৱেই সুস্থ থাকক।’
দেশত ওমিক্রন সংক্রমণ ক্রমে বৃদ্ধি পাইছে। কেইদিনমান পূৰ্বে এই সন্দৰ্ভত পর্যালোচনা বৈঠক কৰিছিল মোদীয়ে। দেশৰ বিভিন্ন প্রান্তত বৰদিনৰ উৎসৱ পালন কৰা হয়। কিন্তু ওমিক্রনে যেনেদৰে সংক্ৰমণ ঘটাবলৈ আৰম্ভ কৰিছে তাৰ ফলত বহু ৰাজ্যতেই এই উৎসৱ পালনৰ ক্ষেত্রত কঠোৰ সতর্কতা জাৰি কৰা হৈছে।
বৰদিনৰ উৎসৱে যেন নতুন কোনো বিপদ বিপদ মাতি নানে তাৰ বাবে সকলোৰে সুস্থতা প্রার্থনা কৰিছে প্রধানমন্ত্রীয়ে।













