![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত থেকেৰাজান লংকি বস্তিৰ এক পাহাৰীয়া দুৰ্গম এলেকাত এগৰাকী অচিনাক্ত যুৱতীৰ গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি স্থানীয় লোকৰ তথ্যৰ ভিত্তিত বকলীয়াঘাট আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটো উদ্ধাৰ কৰি কালিয়েই মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।













