![]()
মনোৰঞ্জনঃ
বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন তেওঁৰ ফেশ্বন সংবেদনশীলতা আৰু সামাজিক মাধ্যমৰ সক্ৰিয়তাৰ বাবে প্ৰায় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। শেহতীয়াকৈ তেওঁ এক সাক্ষাৎকাৰ যোগে ব্যক্ত কৰে যে, কৰোনা দুৰ্যোগৰ পিছত তেওঁৰ বাবে কামলৈ উভতি অহাটো অলপ কঠিন আছিল। ক’ভিডে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰি দিছিল আৰু তেওঁৰ মন-মগজুৱে কাম কৰা নাছিল।
দীপিকা পাডুকনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কয় যে ‘ক’ৰোণাৰ দ্বিতীয় ঢৌৰ সময়ত মোৰ গোটেই পৰিয়ালটো একেলগে ক’ৰোণা পজিটিভ হৈ পৰিছিল। কিন্তু যেতিয়া মই ক’ৰোণাৰ পৰা ওলাই আহিছিলোঁ, মই নিজকে চিনাক্ত কৰাটো বৰ কঠিন আছিল। ক’ভিডৰ পিছত মোৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছিল কাৰণ মই শাৰিৰীকভাৱে বহুত দুৰ্বল হৈ পৰিছিলোঁ।
অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, ‘মই ভাবো মোক দিয়া ঔষধটো সম্ভৱতঃ ষ্টেৰইড আছিল। গতিকে ক’ভিড এক আচৰিত বেমাৰ হয়, য’ত সেই সময়ত আপোনাৰ শৰীৰ বেলেগ আৰু মনটো বেলেগ হৈ থাকে। আগলৈ তেওঁ কয় যে, “মই ভাবিছিলোঁ যে মই অসুস্থ হৈ থাকোতে ঠিক আছিলোঁ। কিন্তু তাৰ পিছত মই দুমাহৰ বাবে কামৰ পৰা ওলাই আহিব লগা হৈছিল কাৰণ মোৰ মনটোৱে কাম কৰা নাছিল। মোৰ বাবে এই পৰ্যায়টো কষ্টকৰ আছিল।”













