![]()
মনোৰঞ্জনঃ
বলীউডৰ তাৰকাসকলক প্ৰায়ে মন্ত্ৰী-আমোলাসকলৰ পুত্ৰ-কন্যাৰ বিয়াত উপস্থিত থকা দেখা যায়। বলীউডৰ এই চুপাৰষ্টাৰ সকলকো এই বিয়াবোৰত নৃত্য প্ৰদৰ্শন কৰা দেখা গৈছে। তাৰকাসকলৰ এই তালিকাখনত শ্বাহৰুখ খান, ছলমান খানৰ পৰা কেটৰিনা কাইফ, হৃত্বিক ৰোশন, দীপিকা পাডুকন, ৰণবীৰ সিং আৰু অক্ষয় কুমাৰলৈকে আছে। কিছুদিন পূৰ্বে ছলমান খান, অনিল কাপুৰ আৰু শিল্পা চেট্টীক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী প্ৰফুল পেটেলৰ পুত্ৰৰ বিবাহত জয়পুৰত প্ৰদৰ্শন কৰা দেখা গৈছিল।
‘বলীউড লাইফ’ ৰ শেহতীয়া এক প্ৰতিবেদন অনুসৰি, শ্বাহৰুখ খানে এটা অনুষ্ঠানত প্ৰদৰ্শন কৰাৰ বাবে ৩ কোটি টকা লয়। কেটৰিণা কাইফে নিজ প্ৰদৰ্শনৰ বাবে বিয়া সমূহত ৩.৫ কোটি টকাকৈ লয়। ছলমান খানৰ কথা ক’বলৈ গ’লে, তেওঁ ২ কোটি টকা আৰু হৃত্বিক ৰোশনে প্ৰায় ২.৫ কোটি টকা লয়।
প্ৰতিবেদনখনে আগলৈ প্ৰকাশ কৰে যে, “বলীউডৰ শক্তিশালী দম্পতী ৰণবীৰ সিং আৰু দীপিকা পাডুকনে প্ৰায় ১ কোটি টকা লয় আনহাতে আন্তৰ্জাতিক আইকন প্ৰিয়ংকা চোপ্ৰাই বিবাহত প্ৰদৰ্শনৰ বাবে ২.৫ কোটি টকা লয়। আনহাতে, ৰণবীৰ কাপুৰে ২ কোটি টকা আৰু অক্ষয় কুমাৰে বিবাহত তেওঁৰ অভিনয়ৰ বাবে ২.৫ কোটি টকা লয়। এতিয়া এই প্ৰতিবেদনৰ পিছত, আপুনি নিশ্চয় বুজি পাইছে যে বলীউডৰ তাৰকাসকলক আপোনাৰ বিয়ালৈ নিমন্ত্ৰণ কৰাটো কিমান ব্যয়বহুল।













