![]()
নিউজ ডেস্কঃ
ওমিক্রনৰ প্রভাবত দেশত যাতে পুনৰ সংক্রমণৰ গ্রাফ ঊর্ধ্বমুখী নহয় তাৰ বাবে আগতীয়াকৈ সতর্ক হ’ল মোদী চৰকাৰ। বৰদিনত ৰাষ্ট্রক উদ্দেশ্যে দিয়া ভাষণত দুটা বৃহৎ ঘোষণা কৰে প্রধানমন্ত্রী মোদীয়ে।
প্ৰথম, ১৫-১৮ বছৰীয়াসকলক ৩ জানুৱাৰীৰ পৰা দিয়া হ’ব কোভিড টীকা। দ্বিতীয়, স্বাস্থ্যকর্মী, কোভিড যোদ্ধা আৰু কোমর্বিডিটি থকা প্রবীণ নাগৰিকসকলে পাব বুষ্টাৰ পালি। ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কোভিড টীকাৰ তৃতীয় পালি। ৬০ বছৰৰ বেছি বয়সৰ অসুস্থ লোকসকলে পাব উক্ত টীকা।
প্রধানমন্ত্রীয়ে কয়, বিশেষজ্ঞ আৰু বিজ্ঞানীসকলৰ সৈতে আলোচনা কৰিয়েই এই সিদ্ধান্ত লোৱা হৈছে।













