![]()
নিউজ ডেস্কঃ
দেশত ওমিক্রন আক্রান্তৰ সংখ্যা বৃদ্ধি হৈ হ’ল ৪২২। আনহাতে, আক্রান্তসকলৰ মাজৰ সুস্থ হৈ উঠিছে মুঠ ১৩০ জন।
দেশত ওমিক্রন আক্রান্তত এতিয়াও শীর্ষত মহাৰাষ্ট্র। কোভিডৰ নতুন প্ৰজাতিত ৰাজ্যখনত আক্রান্ত ১০৮ জন। তাৰে ভিতৰত ৪২ জন ইতিমধ্যে সুস্থ হৈ উঠিছে। দ্বিতীয় স্থানত থকা ৰাজধানী দিল্লীত এই পর্যন্ত ওমিক্রনত আক্রান্ত হৈছে ৭৯ জন, সুস্থ হৈছে ২৩। ইয়াৰ পিছত গুজৰাটত আক্রান্ত ৪৩ জন, সুস্থ হৈছে ১০ জন।
দক্ষিণ ভাৰতৰ তেলেঙ্গনা (আক্রান্ত ৪১, সুস্থ ১০), কেৰালা (৩৮ আক্রান্ত, সুস্থ ১) আৰু তামিলনাডুত (আক্রান্ত ৩৪) ওমিক্রনৰ প্রভাব সকলোতকৈ বেছি। কর্নাটকত ৩১ জন আক্রান্ত হ’লেও সুস্থ হৈ উঠিছে ১৫ জন। পশ্চিমবঙ্গত এতিয়ালৈকে ৬ জন ওমিক্রনত আক্রান্ত হৈছে। হাৰিয়ানা, ওড়িশা আৰু অন্ধ্রপ্রদেশত আক্রান্ত চাৰিজনকৈ। জম্মু-কাশ্মীৰত ৩ জন আৰু উত্তৰ প্রদেশত ২ জন ওমিক্রনৰ কবলত। কেন্দ্রশাসিত অঞ্চল চণ্ডীগড় আৰু লাদাখত এজনকৈ আক্রান্ত হৈছে।













