![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ খটখটিৰ লাহৰিজানত এক ভয়ংকৰ অগ্নিকাণ্ডত এলেকাটোত আতংকৰ সৃষ্টি হৈছে ৷ উক্ত অগ্নিকাণ্ডৰ ফলত কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে পুৱাৰ ভাগত বোকাজান মহকুমাৰ খটখতি আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজানৰ চৌধুৰী বিল্ডিঙত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড।
জুইৰ লেলিহান শিখাই সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিস্থিৰ সৃষ্টি কৰা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানবলৈ দিছে৷ অগ্নিকাণ্ডৰ ফলত বহু বাসগৃহ জুইত জ্বলি জাহ যায় বুলি জানিব গৈছে। বৰ্তমান পৰ্যন্ত এই অগ্নিকাণ্ডৰ সূত্ৰপাত কৰ পৰা কেনেকৈ ঘটিল নিশ্চিত কাৰণ জানিব পৰা নাই।
জানিব পৰা অনুসৰি অগ্নিকাণ্ডৰ ফলত বহুলোকৰ বাসগৃহ জ্বলি যোৱাৰ উপৰিও বহু লক্ষাধিক টকাৰ সা সম্পত্তি ইতিমধ্যে জুইত জ্বলি জাহ গৈছে ৷ ডিমাপুৰ আৰু বোকাজানৰ অগ্নিনিৰ্বাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে বুলি জানিব পৰা গৈছে ৷












