![]()
ছাইদুল ইছলাম
ডিফু : অনাবৃষ্টি, তীব্ৰ খৰাং, শীতৰ আগমণৰ সময়ৰ তাৰতম্যক ধৰি এই বছৰতে প্ৰকৃতিয়ে প্ৰকৃতিয়ে বিপৰীত ৰূপ প্ৰদৰ্শন কৰি অহাৰ সময়তে যোৱা নিশা কাৰবি আংলং জিলাৰ এজাত প্ৰচণ্ড শিল বৰষুণৰ সূত্ৰপাত হয় ৷ নিশা প্ৰায় ৯ বজাত অহা শিলাবৃষ্টিৰ ফলত বকলীয়াঘাট আৰু ৰজা পথাৰৰ বিস্তৃৰ্ণ অঞ্চল শিলামগ্ন হৈ পৰা পৰিলক্ষিত হয় ৷ প্ৰায় বিশ মিনিট ধৰি চলা এই অস্বাভাৱিক শিলাবৃষ্টিৰ ফলত শুভ্ৰ বৰফে কেইবাটাও বৰফৰ তৰপ সৃষ্টি কৰা বুলি জানিব পৰা গৈছে ৷ আজি সমগ্ৰ দিন পৰ্যন্ত যোৱা নিশা শিলৰ বৃষ্টিৰ শিলবোৰ স্তুপাকৃত হৈ গোটমাৰি থকা পৰিলক্ষিত হয় ৷ নিশাৰ ভাগত বকলীয়াঘাটত বকলীয়াঘাটত হোৱা এনে অস্বাভাৱিক শিলাবৃষ্টি এলেকাটোত বিশেষ চৰ্চা লাভ কৰিছে ৷
অৱশ্যে বৰষুণজাক নিশাৰ ভাগত হোৱাৰ বাবে পোহনীয়া জীৱজন্তুসমূহ ক্ষতিগ্ৰস্থ হোৱাৰ পৰা কোনোমতে ৰক্ষা পৰে ৷












