![]()
নিউজ ডেস্কঃ
মুঠ ২৮৪ কোটি নগদ টকা উদ্ধাৰ কানপুৰৰ ব্যৱসায়ী পীযূষ জৈনৰ ঘৰত৷ লগতে তেওঁৰ আছে অবাধ সম্পত্তি৷ ইয়াৰ ভিতৰত ডুবাইত দুটা বিলাসবহুল ঘৰ, মুম্বাই, কানপুৰ দিল্লীসহ দেশৰ বিভিন্ন স্থানত তেওঁৰ সম্পত্তি। যোৱা সপ্তাহৰ পৰা ১২০ ঘণ্টা ধৰি চলা তালাচীৰ অন্তত কৰ ফাঁকিৰ অভিযোগত অৱশেষত সোমবাৰে গ্রেপ্তাৰ হয় কানপুৰৰ ব্যৱসায়ীজন। লগতে আদালততো হাজিৰ কৰোৱা হয় তেওঁক। কেন্দ্রীয় আয়কৰ বিভাগৰ তথ্য মতে, এইটো হৈছে কোনো ব্যক্তিৰ পৰা আয়কৰ বিভাগে উদ্ধাৰ কৰা ইতিহাসৰ সৰ্বাধিক নগদ টকা উদ্ধাৰ।
আয়কৰ বিভাগৰ সূত্ৰ মতে, নগদ ২৮৪ কোটি টকাৰ উপৰি দেশ-বিদেশত বহু সম্পত্তিৰো সন্ধান পোৱা গৈছে। যাৰ ভিতৰত কানপুৰ আৰু কনৌজত সাতটা সম্পত্তি, মুম্বাইত দুটা ঘৰ, দিল্লীত এটা আৰু ডুবাইত দুটা সম্পত্তি আছে। লগতে তেওঁৰ পৰা লাভ কৰা হৈছে কেইবা কিলো ওজনৰ সোণ।
সংবাদ সংস্থা এনআইৰ সূত্ৰ মতে, পীযূষক ৫০ ঘণ্টা ধৰি কৰা জেৰাৰ অন্তত তেওঁক গ্রেপ্তাৰ কৰা হয়। অৱশ্যে তালাচী এতিয়াও শেষ হোৱা নাই।













