![]()
মনোৰঞ্জনঃ
আমি প্ৰায়ে একোটি সুন্দৰ গীতৰ সাক্ষী হওঁ। আমি মনোৰঞ্জনৰ বাবে নহ’লেও নিজক কিছু সময়ৰ সকাহ দিবলৈ সংগীত শুনোঁ। বাছৰ খিৰিকী কাষৰ চিটটোত বহি বেগৰ পৰা হেডফোন ডাল উলিয়াই লৈ গান শুনাৰ যি এক সুন্দৰ মাদকতা, সেয়া আমি সকলোৱে বুজি পাওঁ। অসমীয়া সংগীত ক্ষেত্ৰখনত আমি বিগত বৰ্ষৰ পৰা বহুকেইজন প্ৰতিভাসম্পন্ন কণ্ঠশিল্পী, গীতিকাৰ তথা সুৰকাৰক শুনিছোঁ। ক্ষন্তেকতে তেওঁলোকৰ গীত সমূহ বহুল হাৰত চৰ্চিতও হৈছে। নতুনত্বৰ প্ৰতি আমি সকলো আকৰ্ষিত আৰু নৱপ্ৰজন্মই ৰাইজক নতুনত্ব প্ৰদানত যি নিৰলস প্ৰচেষ্টা হাতত লৈছে সেয়া সঁচাকৈ আদৰণীয় তথা প্ৰশংসনীয়।
আমি আজি আপোনালোকক অনাগত দিনত মুক্তিপাবলগীয়া এটি গীতৰ কথা জনাবলৈ ওলাইছোঁ। অহা ২০২২ বৰ্ষৰ প্ৰথম ভাগতেই মুক্তিপাবলগীয়া এই গীতটিৰ নাম হৈছে “হেঁপাহ”। JDA মিউজিকেলৰ বেনাৰত মুক্তিপাবলগীয়া এই গীতটিত কণ্ঠদান কৰিছে প্ৰশান্ত কে দাসে। সংগীত হৰ্জিৎ দিয়াজৰ লগতে গীতটিত সুৰ কৰিছে মৃণাল দাসে (জোন)। এজন পেছাগত ডাক্তৰ মৃণাল দাসে শেহতীয়াকৈ সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত হ’লেও তেওঁৰ প্ৰকল্প সমূহে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
আনহাতে, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুলভাৱে সমাদৃত হৰ্জিৎ দিয়াজৰ বিষয়ে হয়টো আপোনালোকক নক’লেও বুজিব। লগতে, প্ৰশান্ত কে দাসৰ শ্ৰুতিমধুৰ কণ্ঠৰে মুক্তিপ্ৰাপ্ত গীতসমূহেও শ্ৰোতা ৰাইজৰ প্ৰশংসা লাভ কৰিছে।













