![]()
মনোৰঞ্জনঃ
“হস্তীৰ কন্যা , হ্স্তীৰ কন্যা বামনৰ নাৰী,মাথায় নিয়া তাম কলসী ওকন্যা হাতে সোনাৰ ঝাড়ী সখীওওমোৰ হায় হস্তী কন্যাৰেখানিকো দয়া নাই মাহুতক লাগিয়াৰে ।।”
গোৱালপৰীয়া লোক সংগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতিদিৱসত একাঁজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সাধাৰণ সাজপাৰ, অথচ অসাধাৰণ ব্যক্তিত্ব আৰু সৌন্দৰ্য্যৰে পৰিপূৰ্ণ প্ৰতিমা বৰুৱা পাণ্ডে গোৱালপৰীয়া লোকগীতক বিশ্বৰ দৰবাৰত লৈ যাবলৈ মনপ্ৰাণ ঢালি দিছিল। তেখেতৰ গীতত বৈ আহিছিল জনসাধাৰণৰ সুখ দুখৰ বন্যা, তেখেতৰ বুকুতেই ফুলিছিল নিজৰ জাতিৰ কলা সংস্কৃতিক আগুৱাই নিয়াৰ হেজাৰ সপোন।
“হস্তীৰ কন্যা” খ্যাত অসমীয়া লোকসংগীতত পাকৈত জনপ্ৰিয় কন্ঠশিল্পী প্ৰতিমা বৰুৱা পাণ্ডে ২০০২ চনৰ আজিৰ তাৰিখতে ইহলীলা সম্বৰণ কৰিছে। ১৯৫৬ চনত মুক্তিপ্ৰাপ্ত ড° ভূপেন হাজৰিকাৰ ছবি “এৰা বাটৰ সুৰ” ত কন্ঠদান কৰি এগৰাকী সংগীত শিল্পী ৰূপে প্ৰতিষ্ঠা লাভ কৰে।
১৯৩৫ চনত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে ১৯৬২ চনত অল ইণ্ডিয়া ৰেডিঅ’ত “হস্তীৰ কন্যা”, “কেনেহে ৰাধিব তোৰ বিৰহ মন” আৰু “একেবাৰ হৰি বোল মন ৰচনা” গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে আৰু ইয়াৰ পিছতেই ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী ৰূপে স্বীকৃতি লাভ কৰে।













