![]()
নিউজ ডেস্কঃ
কৰোনাত আক্রান্ত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী। সম্পৰ্তি দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত হস্পিটেলত কোৱাৰেণ্টাইনত আছে তেওঁ। সোমবাৰে পুৱাতেই প্রাথমিক পৰীক্ষাত গাংগুলীৰ কৰোনা পৰীক্ষাৰ ৰিপোর্ট পজিটিভ আহে। তাৰ পিছত তেওঁৰ দ্বিতীয় পৰীক্ষা কৰোৱা হয়।
তাতো ৰিপোর্ট পজিটিভ অহা বুলি হস্পিটেলখনৰ সূত্রত প্ৰকাশ। অৱশ্যে তেওঁৰ পত্নী ডোনা আৰু কন্যা সানাৰ কৰোনা পৰীক্ষাৰ ৰিপোর্ট নেগেটিভ আহিছে। হস্পিটেল সূত্রে জনোৱা মতে গাংগুলীৰ ভাইৰেল লোড ৯.৫।
সোমবাৰে নিশাতেই গাংগুলীক হস্পিটেললৈ লৈ যোৱা হয়। তাতেই তেওঁ ভর্তি হৈ আছে। অৱশ্যে তেওঁৰ চিকিৎসা হস্পিটেলতে হ’ব নে ঘৰতে তেওঁক কোৱাৰেণ্টাইনত ৰখা হ’ব সেয়া এতিয়াও স্পষ্ট নহয়। চিকিৎসকৰ সৈতে আলোচনাৰ পিছতহে সেই বিষয়ত সিদ্ধান্ত লোৱা হ’ব। কিন্তু সৌৰভ গাংগুলীয়ে ঘৰতেই তেওঁৰ চিকিৎসা হোৱাটো বিচাৰিছে বুলি সূত্ৰত প্ৰকাশ।













